আপুনিও পাকঘৰত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰে নেকি ?

আগৰ দিনত অধিকাংশ লোকৰ ঘৰতে মৃৎশিল্পৰ ব্যৱহাৰ হৈছিল।মাজতে এই মাটিৰ বাচনবোৰৰ ব্যৱহাৰ কমি গৈছিল যদিও শেহতীয়াকৈ বহু লোকেই আকৌ মাটিৰ বাচনত ৰান্ধি-বাঢ়ি খাবলৈ লৈছে। ইয়াৰ বিপৰীতে, একাংশ লোকে এই বাচনবোৰ পৰিস্কাৰ কৰাত অসুবিধাৰ সন্মুখীন হৈ ইয়াৰ ব্যৱহাৰ কমাই দিছে। কিন্তু কেতবোৰ বিশেষ উপায়ৰে এই বাচনবোৰ অতি সোনকালে পৰিস্কাৰ কৰিব পৰা যায়।

author-image
Asomiya Pratidin
New Update
আপুনিও পাকঘৰত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰে নেকি ?

ডিজিটেল ডেস্ক: আগৰ দিনত অধিকাংশ লোকৰ ঘৰতে মৃৎশিল্পৰ ব্যৱহাৰ হৈছিল।মাজতে এই মাটিৰ বাচনবোৰৰ ব্যৱহাৰ কমি গৈছিল যদিও শেহতীয়াকৈ বহু লোকেই আকৌ মাটিৰ বাচনত ৰান্ধি-বাঢ়ি খাবলৈ লৈছে। ইয়াৰ বিপৰীতে, একাংশ লোকে এই বাচনবোৰ পৰিস্কাৰ কৰাত অসুবিধাৰ সন্মুখীন হৈ ইয়াৰ ব্যৱহাৰ কমাই দিছে। কিন্তু কেতবোৰ বিশেষ উপায়ৰে এই বাচনবোৰ অতি সোনকালে পৰিস্কাৰ কৰিব পৰা যায়।আজি মাটিৰ বাচন পৰিস্কাৰ কৰাৰ সহজ উপায়বোৰৰ বিষয়ে জানো আহক-

Advertisment

বেকিং ছ’ডা 

আপুনি মাটিৰ পাত্ৰ চাফা কৰিবলৈ বেকিং ছ’ডা ব্যৱহাৰ কৰিব পাৰে।ইয়াৰ বাবে আপুনি বেকিং ছ’ডা, ভিনেগাৰ আৰু নিমখ মিহলি কৰি এটা মিশ্ৰন তৈয়াৰ কৰি এটা পাত্ৰত ৰাখিব। এই মিশ্ৰনত এডাল স্ক্ৰাবাৰ ১৫-২০ মিনিটৰ বাবে ডুবাই থৈ তাৰ পিছত মাটিৰ বাচনবোৰ এই স্ক্ৰাবাৰৰে ভালকৈ ঘঁহি দিব। দেখিব আপোনাৰ মাটিৰ বাচন নতুনৰ লেখিয়া পৰিস্কাৰ হৈ গৈছে।

নাৰিকলৰ বাকলি 

মাটিৰ বাচনবোৰ চাফা কৰোতে ষ্টেইনলেছ ষ্টীল স্ক্ৰাব কেতিয়াও ব্যৱহাৰ নকৰিব। আপুনি ষ্টেইনলেছ ষ্টীলৰ সলনি নাৰিকলৰ বাকলি ব্যৱহাৰ কৰিব।নাৰিকলৰ বাকলিয়ে অতি সোনকালে মাটিৰ বাচন চাফা কৰিব পাৰে।

নেমু 

মাটিৰ পাত্ৰৰ পৰা মচলাৰ গোন্ধ আঁতৰাবলৈ এটা পাত্ৰত পানী আৰু নেমুৰ ৰস তথা নেমু বাকলি মিহলি কৰি পানীখিনি উতলাব। তাৰ পিছত এই পানীখিনিৰে স্ক্ৰাবৰ সহায়ত মাটিৰ পাত্ৰটো পৰিস্কাৰ কৰিব। এনেদৰে চাফা কৰিলে খুব সোনকালে মাটিৰ বাচন চাফা হ'ব।

চাৰ্ফ 

গৰম পানীত চাৰ্ফ মিহলি কৰিও আপুনি মাটিৰ পাত্ৰবোৰ পৰিস্কাৰ কৰিব পাৰে।চাৰ্ফখিনি গৰম পানীত দ্ৰৱীভূত কৰাৰ পিছত তাত কেইটোপালমান নেমু ৰস মিহলাই দিব। ইয়াৰ পিছত, এই মিশ্ৰণৰে স্ক্ৰাবাৰৰ সহায়ত বাচনবোৰ পৰিস্কাৰ কৰিব। 

চাবোন ব্যৱহাৰ নকৰিব 

মাটিৰ বাচন ধোওতে পোনপটীয়াকৈ একো চাবোন কেতিয়াও ব্যৱহাৰ নকৰিব। কিয়নো মাটিৰ বাচনবোৰে চাবোন শোষণ কৰি লয়। ইয়াৰ ফলত বাচনত দুৰ্গন্ধ হ'ব পাৰে। 

Also Read: আপুনি পাকঘৰত কৰা এই ভুলৰ বাবে হয় কৰ্কট ৰোগ