পাহাৰীয়া ঠাই ভ্ৰমণ কৰোতে কিছু সচেতন হ’ব

অধিকাংশ লোকেই গ্ৰীষ্মকালৰ সলনি শীতকালত পৰ্বতীয়া ঠাই ভ্ৰমণ কৰাটো পছন্দ কৰে। ইয়াৰ অৱশ্যে কাৰণো আছে।পৰ্বতীয়া ঠাইৰ ভিতৰত আমাৰ সকলোৰে প্ৰথম পছন্দৰ হিমাচল প্ৰদেশখন শীতকালত আৰু অধিক ধুনীয়া হৈ পৰে।এই সময়ছোৱাত প্ৰচুৰ তুষাৰপাত হোৱাৰ বাবে গোটেই ঠাইখিনি বগা চাদৰ পাৰি থোৱাৰ দৰে হৈ থাকে। কিন্তু এই সময়ছোৱাত পৰ্বতৰ ভ্ৰমণ বহুত কঠিন হৈ পৰে।আপোনাৰ এটা সৰু ভুলে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে।

author-image
Asomiya Pratidin
New Update
পাহাৰীয়া ঠাই ভ্ৰমণ কৰোতে কিছু সচেতন হ’ব

ডিজিটেল ডেস্ক: অধিকাংশ লোকেই গ্ৰীষ্মকালৰ সলনি শীতকালত পৰ্বতীয়া ঠাই ভ্ৰমণ কৰাটো পছন্দ কৰে। ইয়াৰ অৱশ্যে কাৰণো আছে।পৰ্বতীয়া ঠাইৰ ভিতৰত আমাৰ সকলোৰে প্ৰথম পছন্দৰ হিমাচল প্ৰদেশখন শীতকালত আৰু অধিক ধুনীয়া হৈ পৰে।এই সময়ছোৱাত প্ৰচুৰ তুষাৰপাত হোৱাৰ বাবে গোটেই ঠাইখিনি বগা চাদৰ পাৰি থোৱাৰ দৰে হৈ থাকে। কিন্তু এই সময়ছোৱাত পৰ্বতৰ ভ্ৰমণ বহুত কঠিন হৈ পৰে।আপোনাৰ এটা সৰু ভুলে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। পাহাৰীয়া ঠাইলৈ যাওঁতে আপুনি কোনবোৰ দিশত বেছিকৈ মন দিব লাগে, আজি জানো আহক-

Advertisment

গৰম কাপোৰ 

পাহাৰীয়া ঠাইবোৰত ৰাতিপুৱা আৰু সন্ধিয়া বেছিকৈ ঠাণ্ডা অনুভৱ হয়। সেয়েহে আপুনি ভ্ৰমণৰ বাবে কাপোৰ পেকিং কৰোতে সদায়ে বেগত বেছিকৈ গৰম কাপোৰ নিব।

প্ৰাথমিক চিকিৎসা কিট

পাহাৰীয়া ঠাই ভ্ৰমণ কৰোতে বহুলোকৰ মূৰ ঘূৰোৱা, বমি বা মুৰৰ বিষ আদিৰ দৰে সমস্যা হ'ব পাৰে। সেয়েহে মুৰৰ বিষ, জ্বৰ আৰু সামান্য আঘাতৰ বাবে লাগতিয়াল ঔষধবোৰ লগত ল’ব। 

ভাল মানদণ্ডৰ জোতা

পাহাৰীয়া ঠাইলৈ যাওঁতে সদায় ভাল জোতা পিন্ধি যোৱাটো খুবেই দৰকাৰী।ফেন্সী ছেণ্ডেল বা আম পাতল ছেণ্ডেল পিন্ধিলে পাহাৰৰ ওখ-চাপৰ ঠাইত খোজ কঢ়াটো কঠিন হয়।ভাল জোতায়ে  আপোনাৰ ভৰি সুৰক্ষিত ৰখাৰ লগতে খোজ কাঢ়িবলৈও সহজ কৰি তুলিব।

খাদ্য আৰু পানী

পাহাৰীয়া ঠাইলৈ যাওঁতে কেতিয়া পৰ্যাপ্ত সময়তকৈ অধিক সময় লাগে বা আন অসুবিধাৰো সন্মুখীন হবলগীয়া হ’ব পাৰে। সেয়েহে, পাহাৰীয়া ঠাইলৈ যাওঁতে সদায় খাদ্য আৰু পানী লগত ৰাখিব। যাতে ভোক আৰু পিয়াহৰ বাবে আপুনি অসুবিধাত নপৰে।

Also Read: কম খৰচতে শীতকালটো উপভোগ কৰিবলৈ ভ্ৰমণ কৰক এইকেইখন ঠাই