নখ ধুনীয়া কৰি ৰখাৰ ৫ টা ঘৰুৱা উপায়

দীঘল আৰু ধুনীয়া নখ সকলো মহিলাৰে প্ৰথম আকাংক্ষা।নখৰ বিকাশ ভাল হ'লে হাতৰ সৌন্দৰ্য বৃদ্ধি হয়।কিন্তু বহুতৰে নখৰ পৰ্যাপ্ত বিকাশ নোহোৱাৰ বাবে নখবোৰ দেখিবলৈ বেয়া হৈ পৰে।কিছুমানৰ আকৌ দীঘল হয় যদিও পুষ্টিৰ অভাৱত খুব সোনকালে ভাঙি যায়।

author-image
Asomiya Pratidin
New Update
নখ ধুনীয়া কৰি ৰখাৰ ৫ টা ঘৰুৱা উপায়

ডিজিটেল ডেস্ক: দীঘল আৰু ধুনীয়া নখ সকলো মহিলাৰে প্ৰথম আকাংক্ষা।নখৰ বিকাশ ভাল হ'লে হাতৰ সৌন্দৰ্য বৃদ্ধি হয়।কিন্তু বহুতৰে নখৰ পৰ্যাপ্ত বিকাশ নোহোৱাৰ বাবে নখবোৰ দেখিবলৈ বেয়া হৈ পৰে।কিছুমানৰ আকৌ দীঘল হয় যদিও পুষ্টিৰ অভাৱত খুব সোনকালে ভাঙি যায়। নখ স্বাস্থ্যকৰ বিকাশৰ বাবে কিছুমান ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে আজি জানো আহক-

Advertisment

অলিভ অইল 

অলিভ অইল বা জলফাই তেল ব্যৱহাৰ কৰি আপুনি নখৰ বিকাশ বৃদ্ধি কৰিব পাৰে। ইয়াত থকা ভিটামিন-ইয়ে নখক পুষ্টি প্ৰদানত সহায় কৰে। ইয়াক প্ৰয়োগ কৰিলে নখত তেজৰ প্ৰবাহো বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। দৈনিক এই তেল মালিচ কৰিলে নখ সোনকালে বাঢ়িবলৈ আৰম্ভ কৰে।

এপল চাইডাৰ ভিনেগাৰ 

এপল চাইডাৰ ভিনেগাৰেও নখৰৰ বিকাশত সহায় কৰে।পিছি লোৱা এক চামুচ নহৰুত এক চাহ চামুচ এপল চাইডাৰ ভিনেগাৰ মিহলি কৰি নখত ১০ মিনিটৰ বাবে লগাই থ'ব।নিৰ্দিষ্ট সময়ৰ পিছত নখকেইটা ধুই পেলাব। নিয়মীয়া ব্যৱহাৰ কৰিলে পাৰ্থক্য চকুত পৰিব।
নহৰু 

নখৰ বিকাশৰ বাবে নহৰুও অতি কাৰ্যকৰী। ইয়াৰ বাবে নহৰু দুটুকুৰাকৈ কাটি ১০ মিনিটৰ বাবে নখত ঘঁহি থাকিব।এনেদৰে দৈনিক কৰিলে কেইদিনমানৰ ভিতৰতে নখ বাঢ়িবলৈ আৰম্ভ কৰিব। 

কমলা ৰস 

আপুনি কমলা ৰস ব্যৱহাৰ কৰিও নখ বঢ়াব পাৰে।  নখত ১০ মিনিটৰ বাবে কমলা ৰস প্ৰয়োগ কৰিব আৰু পিছত কুহুমীয়া পানীৰে ধুব পেলাব। কেইদিনমানৰ বাবে এনেদৰে ব্যৱহাৰ কৰিলে নখ খুব সোনকালে দীঘল হৈ পৰিব।

নাৰিকল তেল 

এই তেলত পোৱা ফেটি এচিড আৰু অন্যান্য পুষ্টিয়ে নখৰ বিকাশ বৃদ্ধিত সহায় কৰিব। নখত দৈনিক নাৰিকল তেল মালিচ কৰিলে নখ দীঘল হ'বলৈ আৰম্ভ কৰিব।

Also Read: গৰমত আপোনাৰো নখ দুৰ্বল হৈ পৰে নেকি?