গৰমত আপোনাৰো নখ দুৰ্বল হৈ পৰে নেকি?

কিছুমান ঘৰুৱা উপায়ৰে আপুনি এই দিনকেইটাত নখৰ যত্ন ল'ব পাৰে।আজি সেই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
গৰমত আপোনাৰো নখ দুৰ্বল হৈ পৰে নেকি?

ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত আমি সকলোয়ে শৰীৰৰ বিশেষ যত্ন ল’বলীয়া হয়।বিশেষকৈ মহিলাসকলে।এই দিনকেইটাত মহিলাসকলে ছালৰ যত্ন ঠিকেই লয়, কিন্তু তেওঁলোকে প্ৰায়ে নখৰ যত্ন ল'বলৈ পাহৰি যায়। যাৰ বাবে নখ ভাঙিবলৈ আৰম্ভ কৰে। গ্ৰীষ্মকালত নখক অতিৰিক্ত যত্নৰ প্ৰয়োজন হয়। কিছুমান ঘৰুৱা উপায়ৰে আপুনি এই দিনকেইটাত নখৰ যত্ন ল'ব পাৰে।আজি সেই বিষয়ে জানো আহক-

Advertisment

তেল প্ৰয়োগ কৰক 

গ্ৰীষ্মকালত নখৰ কিউটিকলবোৰ শুকাবলৈ আৰম্ভ কৰে।যদি আপুনি নখ নষ্ট হোৱাটো নিবিচাৰে, তেনেহ'লে ৰাতিপুৱা শুই উঠি কিউটিকলবোৰত তেল প্ৰয়োগ কৰিবলৈ নাপাহৰিব। ই নখৰ কিউটিকলবোৰ কোমল কৰি ৰখাৰ লগতে নখৰ সৌন্দৰ্য বৃদ্ধিত সহায় কৰিব।

পানীত তিয়াই নাৰাখিব

দীঘলীয়া সময়ৰ বাবে নখ পানীত তিয়াই নাৰাখিব। ইয়াৰ ফলত নখ দ্ৰুতগতিত বাঢ়িব আৰু ভাঙিব পাৰে।তদুপৰি যদি নখবোৰ পানীত তিয়াই ৰখা হয়, তেনেহ'লে লগে লগে নেইল পলিছ ব্যৱহাৰ নকৰিব। এনে কৰিলে নখ দুৰ্বল হোৱাৰ সম্ভাৱনা থাকে। 

নিজকে 'হাইড্ৰেটেড' ৰাখিব 

যিদৰে ভাল ছালৰ বাবে পানীৰ প্ৰয়োজন, নখক স্বাস্থ্যৱান কৰি ৰাখিবলৈও যথেষ্ট পৰিমাণে পানী খোৱাটো অতি গুৰুত্বপূৰ্ণ। পৰ্যাপ্ত পানী খালে নখবোৰ শক্তিশালী হোৱাৰ লগতে স্বাস্থ্যৱান হৈ থাকিব। 

ঘৰুৱা কাম কৰোতে হাতমোজা পিন্ধিব 

মহিলাসকলে সকলো ঘৰুৱা কাম কৰিব লাগে, সেয়েহে কাম কৰাৰ সময়ত হাতত মোজা পিন্ধি থাকিব। এনে কৰিলে ই আপোনাৰ নখৰ নেইল পলিছ বেয়া নহয় আৰু নখ পৰিস্কাৰ হৈ থাকিব। নখৰ যত্ন লোৱাৰ এইটো এটা অতি ভাল উপায়। 

Also Read: এতিয়া ‘ষ্ট্ৰেচ মাৰ্ক’ৰ সমস্যাৰ বাবে চিন্তাৰ কাৰণ নাই