জীৱনটো সুখৰ কৰিবলৈ মাত্ৰ এই ৫টা কাম কৰক

আজিৰ সময়ত টকাক আমৰ জীৱনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ক'লেও হয়তো ভুল কোৱা নহ’ব। টকা অবিহনে জীয়াই থকাটো খুব কঠিন।অৱশ্যে, কেতবোৰ নিয়ম অনুসৰণ কৰি আপুনি চিৰদিনৰ বাবে টকাৰ অভাৱ দূৰ কৰিব পাৰে।

author-image
Asomiya Pratidin
New Update
জীৱনটো সুখৰ কৰিবলৈ মাত্ৰ এই ৫টা কাম কৰক

ডিজিটেল ডেস্ক: আজিৰ সময়ত টকাক আমৰ জীৱনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ক'লেও হয়তো ভুল কোৱা নহ’ব। টকা অবিহনে জীয়াই থকাটো খুব কঠিন।অৱশ্যে, কেতবোৰ  নিয়ম অনুসৰণ কৰি আপুনি চিৰদিনৰ বাবে টকাৰ অভাৱ দূৰ কৰিব পাৰে।হয়, জ্যোতিষ শাস্ত্ৰত এনে কিছুমান প্ৰতিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে।আজি এই বিষয়ে জানো আহক- 

Advertisment

তুলসীক পানী আৰু গাখীৰ আগবঢ়াব 

হিন্দু ধৰ্মত তুলসীক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়।তুলসী ভগৱান বিষ্ণুৰ অতি প্ৰিয়। বিশ্বাস অনুসৰি, যদি বৃহস্পতিবাৰে তুলসীত পানীৰ সৈতে অলপ গাখীৰ আগবঢ়োৱা হয়, তেন্তে জীৱনৰ সমস্যাবোৰ আঁতৰ হয়।

আঁহত গছত পানী

আঁহত গছৰ শিপাত লোহাৰ পাত্ৰৰে সপ্তাহত এবাৰকৈ পানী ঢালিব। বিশ্বাস অনুসৰি, এনে কৰিলে জীৱনত টকাৰ অভাৱ দূৰ হোৱাৰ লগতে জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব।

বটৰ তলত আন গছ থাকিবলৈ নিদিব

যদি আপুনি বট গছৰ তলত সৰু উদ্ভিদ এটা গজি থকা দেখে, তেন্তে লগে লগে আঁতৰাব। বিশ্বাস অনুসৰি, এনে কৰিলে জীৱনৰ পৰা বেয়া প্ৰভাৱ নাইকিয়া হয় আৰু ধন-ধানে ঘৰ উপচি পৰে। 

একাদশীত চাকি 

যদি আপুনি দেৱী লক্ষ্মীক সন্তুষ্ট কৰিব বিচাৰে, তেন্তে একাদশীৰ দিনা নডাল শলিতা একেলগ কৰি বিশুদ্ধ ঘিউৰ চাকি জ্বলাব।এনে কৰাৰ দ্বাৰা আপুনি লক্ষ্মীৰ আৰ্শীবাদপ্ৰাপ্ত হোৱাৰ লগতে আপোনাৰ সকলো ইচ্ছা হ’ব। 

পূৰ্ণিমাত কৰক এই কাম

প্ৰতি মাহৰ পূৰ্ণিমাৰ দিনা ৰাতিপুৱা আঁহত গছৰ গুৰিত পানী দিব। বিশ্বাস অনুসৰি, এই দিনটোত আঁহত গছত পানী ঢালিলে ঈশ্বৰ সন্তুষ্ট হয়। 

Also Read: শনিবাৰে এই ১০টা ভুল কেতিয়াও নকৰিব