কাজু আচল নে নকল জানিবলৈ সদায়েই এইসমূহ দিশত মন দিব

শুকান ফল খোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী। আমি সকলোয়ে খাই ভাল পোৱা এনে এবিধ শুকান ফল হৈছে কাজু।বিভিন্ন উৎসৱ-পাৰ্বনত আপোনজনক উপহাৰ হিচাপেও কাজু দিয়া হয়।কিন্তু আজিৰ এই ভেজাল যুগত আপুনি কাজু কিনোতে ঠগ খোৱাটো প্ৰায় নিশ্চিত।হয়, বহু বেপাৰীয়ে মুনাফাৰ খাতিৰত বজাৰত খুব নিম্ন মানদণ্ডৰ কাজু বিক্ৰী কৰি আছে। এনে পৰিস্থিতিত আপুনি কাজু কিনোতে কেতবোৰ বিশেষ দিশত মন দিয়াটো খুবেই জৰুৰী।

author-image
Asomiya Pratidin
New Update
কাজু আচল নে নকল জানিবলৈ সদায়েই এইসমূহ দিশত মন দিব

ডিজিটেল ডেস্ক: শুকান ফল খোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী। আমি সকলোয়ে খাই ভাল পোৱা এনে এবিধ শুকান ফল হৈছে কাজু।বিভিন্ন উৎসৱ-পাৰ্বনত আপোনজনক উপহাৰ হিচাপেও কাজু দিয়া হয়।কিন্তু আজিৰ এই ভেজাল যুগত আপুনি কাজু কিনোতে ঠগ খোৱাটো প্ৰায় নিশ্চিত।হয়, বহু বেপাৰীয়ে মুনাফাৰ খাতিৰত বজাৰত খুব নিম্ন মানদণ্ডৰ কাজু  বিক্ৰী কৰি আছে। এনে পৰিস্থিতিত আপুনি কাজু কিনোতে কেতবোৰ বিশেষ দিশত মন দিয়াটো খুবেই জৰুৰী।আজি এই বিষয়ে জানো আহক-

Advertisment

গুণমান পৰীক্ষা 

কাজুৰ গুণাগুণ চাই আপুনি ইয়াক চিনাক্ত কৰিব পাৰে। প্ৰকৃত কাজু সোনকালে নষ্ট নহয়, আনহাতে নিম্ন মানদণ্ডৰ কাজুবোৰত অতি সোনকালে পোক লাগে।সেয়েহে, কাজু ক্ৰয় কৰাৰ আগতে গুণগত মানদণ্ডৰ ক্ষেত্ৰত মন দিব লাগে।

 সোৱাদ

প্ৰকৃত আৰু নকল কাজুৰ সোৱাদতো পাৰ্থক্য আছে। আপুনি ইয়াৰ সোৱাদৰ জৰিয়তে কাজু আচল নে ভেজাল জানিব পাৰে।হয়, প্ৰকৃত কাজু খোৱাৰ সময়ত ই দাঁতত লাগি নধৰে। আনহাতে, যদি আপুনি নকল কাজু খায়, ই দাঁতত লাগি ধৰে। 

ৰং

আপুনি আচল আৰু নকল চিনাক্ত কৰিবলৈ কাজুৰ ৰঙৰ প্ৰতি মন দিব।আচল কাজুৰ ৰং সম্পূৰ্ণ বগা কিন্তু নকল কাজুৰ ৰং পাতল হালধীয়া।

আকাৰ

কাজুৰ আকাৰৰ প্ৰতি মনোযোগ দিও আপুনি সহজে ভুৱা আৰু প্ৰকৃত কাজু চিনাক্ত কৰিব পাৰে। প্ৰকৃত কাজু প্ৰায় ১ ইঞ্চি দীঘল আৰু অকনমান মোটা হয়। একে সময়তে, নকল কাজুৰ আকাৰ আৰু আকৃতিত যথেষ্ট পাৰ্থক্য আছে। 

Also Read: ইউৰিক এচিড নিয়ন্ত্ৰণত ৰাখিবলৈ খাওঁক এইসমূহ শুকান ফল