আপোনাৰ সন্তানক ককা-আইতাক,জ্যেষ্ঠজনক সন্মান কৰিবলৈ শিকাওঁক

শিশুসকলক বৃদ্ধসকলক কেনেদৰে সন্মান কৰিবলৈ শিকাব লাগে, আজি সেই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
আপোনাৰ সন্তানক ককা-আইতাক,জ্যেষ্ঠজনক  সন্মান কৰিবলৈ শিকাওঁক

ডিজিটেল ডেস্ক: আজিকালিৰ সমাজত অধিকাংশ বৃদ্ধয়েই অৱহেলিত। বিশেষকৈ আমাৰ পৰিয়াল আৰু সমাজত বৃদ্ধসকল গুৰুত্ব কি, সেই সন্দৰ্ভত আজিৰ প্ৰজন্ম জ্ঞাত নহয়।বৃদ্ধসকলৰ মাজত দেখা দিয়া হতাশা, অকলশৰীয়া অনুভৱ আদিৰ দৰে সমস্যাৰ প্ৰধান কাৰণ হৈছে অৱহেলা। আজিৰ প্ৰজন্মই জ্যেষ্ঠসকলক এক বোজা বুলি গণ্য কৰে।বৃদ্ধসকলে সমাজত সঠিক স্থান পাবলৈ হ'লে অভিভাৱকসকলে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাটো দৰকাৰ। শিশুসকল দেশৰ ভৱিষ্যত। সেয়েহে তেওঁলোকে বৃদ্ধসকলক সন্মান কৰিবলৈ শিকিব লাগিব। শিশুসকলক বৃদ্ধসকলক কেনেদৰে সন্মান কৰিবলৈ শিকাব লাগে, আজি সেই বিষয়ে জানো আহক-

Advertisment

আপুনি নিজেই বৃদ্ধসকলক সন্মান কৰক

শিশুৱে ঘৰত জ্যেষ্ঠসকলক চাই শিকে। গতিকে শিশুসকলৰ সন্মুখত আপুনি বৃদ্ধসকলক সদায় সন্মানৰে কথা পাতিব।তেওঁলোকক সংস্কাৰ শিকাব।যেনে, জ্যেষ্ঠসকলৰ ভৰি স্পৰ্শ কৰা, নমস্কাৰ কৰা, ভদ্ৰতাৰে ব্যৱহাৰ কৰা আদি। আপুনি এনেবোৰ কথা শিকালে আপোনাৰ সন্তানেও তেওঁলোকক সন্মান সহকাৰে ব্যৱহাৰ কৰাৰ বিষয়ে শিকিব। 

খাদ্যৰ ক্ষেত্ৰত সদায় বৃদ্ধসকলক অগ্ৰাধিকাৰ দিব

আপুনি সদায় ঘৰত থকা জ্যেষ্ঠজনৰ প্ৰিয় খাদ্য ৰান্ধিবলৈ চেষ্টা কৰিব। অধিকাংশ অভিভাৱকে তেওঁলোকৰ সন্তানৰ প্ৰিয় জুটিক অগ্ৰাধিকাৰ দি জ্যেষ্ঠ সকলক অৱহেলা কৰে।কিন্তু সকলো দিনতে সম্ভৱ নহ'লেও সপ্তাহত কমেও  এক বা দুই বাৰ এনে খাদ্য বনাবলৈ চেষ্টা কৰিব, যিসমূহ আপোনাৰ ঘৰৰ জ্যেষ্ঠজনৰ প্ৰিয় খাদ্য।আপোনাৰ এনে কৰ্মই আপোনাৰ সন্তানটোৰ মানসিক স্বাস্থ্যত যথেষ্ট প্ৰভাৱ পেলাব। তেওঁলোকে অনুভৱ কৰিব যে ঘৰখনৰ বাবে ককা-আইতাক কিমান গুৰুত্বপূৰ্ণ।আনহাতে, যদি আপোনাৰ এলেকাত অকলশৰীয়া বৃদ্ধ দম্পতীয়ে বাস কৰে, তেন্তে তেওঁলোকক সপ্তাহত এবাৰ আহাৰৰ বাবে নিমন্ত্ৰণ কৰক।ঘৰত সকলোয়ে একলগে খাদ্য গ্ৰহণ কৰিবলৈ যত্ন কৰিব।

সন্তানক জ্যেষ্ঠসকলৰ অৱদানৰ বিষয়ে জনাব

জ্যেষ্ঠসকলে কৰা কামৰ গুৰুত্ব, ত্যাগ আৰু অৱদান বিষয়ে আপুনি আপোনাৰ সন্তানক অৱগত কৰিব। বিশেষকৈ ককা-আইতাকে তেওঁলোকৰ জীৱনত সন্মুখীন হোৱা কঠিন পৰিস্থিতিবোৰ সন্তানৰ সৈতে ভাগ বতৰা কৰিব। ই শিশুসকলৰ মনত বৃদ্ধসকলৰ প্ৰতি সন্মান বৃদ্ধি কৰিব।

খোজ কাঢ়িবলৈ যাওঁতে বৃদ্ধসকলক লগত লৈ যাব

খোজ কাঢ়িবলৈ যাওঁতে বৃদ্ধসকলক লগত লৈ যাব। প্ৰায়ে পৰিয়ালটোৰ আন সদস্যৰ ব্যস্ততাৰ বাবে বৃদ্ধসকল ঘৰত একলশৰীয়া হৈ পৰে। সেয়েহে আন সময়ত অসুবিধা হ'লেও ৰাতিপুৱা-সন্ধ্যা খোজ কাঢ়োতে তেওঁলোকক লগত লৈ যাব। আপোনাৰ এনে আচৰণত আপোনাৰ সন্তানো প্ৰভাৱিত হ’ব।

Also Read: শিশুৰ এই বদ অভ্যাস কিদৰে দূৰ কৰিব পাৰি জানি লওঁক