টুইটাৰত ভাইৰেল ‘স্ক্ৰীণশ্বট’, প্ৰতিক্ৰিয়া নাই প্ৰাক্তন প্ৰেমিকৰ

সম্পৰ্ক ভাঙি যোৱাৰ বেদনা সকলোৰে বাবে সহ্য কৰাটো সম্ভৱ নহয়।বহুতেই ভঙা সম্পৰ্কবোৰৰ বেদনা দীৰ্ঘদিনলৈ পাহৰিব নোৱাৰে।এয়া অৱশ্যে নিজৰ লগত নহ’লে অনুভৱ কৰাটো কঠিন।

author-image
Asomiya Pratidin
New Update
টুইটাৰত ভাইৰেল ‘স্ক্ৰীণশ্বট’, প্ৰতিক্ৰিয়া নাই প্ৰাক্তন প্ৰেমিকৰ

ডিজিটেল ডেস্ক: সম্পৰ্ক ভাঙি যোৱাৰ বেদনা সকলোৰে বাবে সহ্য কৰাটো সম্ভৱ নহয়।বহুতেই ভঙা সম্পৰ্কবোৰৰ বেদনা দীৰ্ঘদিনলৈ পাহৰিব নোৱাৰে।এয়া অৱশ্যে নিজৰ লগত নহ’লে অনুভৱ কৰাটো কঠিন। বিশেষকৈ যেতিয়া সম্পৰ্কটো অতি বেয়াহৈ শেষ হয়, তেতিয়া প্ৰাক্তনজনৰ ওপৰত যথেষ্ট খং থাকে, লগতে তেওঁৰ ওপৰত প্ৰতিশোধ লোৱাৰো মন থাকে।

Advertisment

এগৰাকী যুৱতীয়ে তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ ওপৰত প্ৰতিশোধ লোৱাৰ এটা অতি ধেমেলীয়া উপায়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।শেহতীয়াকৈ টুইটাৰত এটা প’ষ্ট অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। প্ৰকৃততে এগৰাকী যুৱতীয়ে তেওঁৰ প্ৰাক্তন প্ৰেমিকক এটা বিশেষ উপহাৰ দিবলৈ খাদ্য বিতৰণ এপ ছুইগি ইনষ্টামাৰ্ট ব্যৱহাৰ কৰিছিল।ইয়াৰ পৰাই আৰম্ভ হৈছিল এই ধেমেলীয়া কাহিনীৰ।

নমন নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে তেওঁৰ বন্ধুৱে প্ৰাক্তন প্ৰেমিকাৰ পৰা লাভ কৰা এটা মেছেজ আৰু উপহাৰৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে। দিয়া নামৰ যুৱতী গৰাকীয়ে প্ৰেৰণ কৰা মেছেজটোত লিখা আছিল, ‘তোমাৰ বাবে কিবা এটা পঠিয়াছো, মৰমৰে পিন্ধিবা।যদি জোখৰ নহয়,  মোক জনাবা। মই ইয়াতকৈ ডাঙৰ এটা পঠাই দিম।’ মেছেজৰ এই স্ক্ৰীণশ্বটৰ সৈতে শ্বেয়াৰ কৰা ফটোখনত দেখা পোৱা মতে, প্ৰেমিকাই প্ৰাক্তন প্ৰেমিকলৈ মজলীয়া আকাৰৰ ডাষ্টবিন বেগৰ এটা পেকেট প্ৰেৰণ কৰিছিল।

ফটোখনৰ কেপছনত ব্যৱহাৰকাৰীজনে লিখিছে ‘মোৰ ৰুমমেটৰ প্ৰাক্তন প্ৰেমিকাই তালৈ এইটো পঠিয়াইছে আৰু মই হাঁহি বন্ধ কৰিব পৰা নাই।’ প’ষ্টটোৱে এতিয়ালৈকে মাইক্ৰ'ব্লগিং প্লেটফৰ্মত প্ৰায় ৭১৫.৭ হাজাৰ দৰ্শন লাভ কৰিছে আৰু ১.৫ নিযুতৰো অধিক লাইকৰ সৈতে ভাইৰেল হৈছে। আন আন ব্যৱহাৰকাৰীসকলৰ মন্তব্যও ধেমেলীয়া। একে সময়তে, চুইগি ইনষ্টামাৰ্টেও উপযুক্ত প্ৰত্যুত্তৰ দি লিখিছে, 'আমি বেণ্ডেজ দিব বিচাৰো, কিন্তু ইমান ডাঙৰ আঘাতৰ বাবে সকলো বেণ্ডেজেই সৰু হ'ব।'