এইদৰে তৈয়াৰ কৰক স্বাস্থ্য উপযোগী গুড়ৰ চৰবত

গৰমত গুড়ৰ চৰবত খাই আপুনি পেটৰ সকলো সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে।এই চৰবত বনোৱাটোও অতি সহজ।শৰীৰৰ উপযোগী এইবিধ পানীয় কিদৰে প্ৰস্তুত কৰিব লাগে, জানো আহক-

author-image
Asomiya Pratidin
New Update
এইদৰে তৈয়াৰ কৰক স্বাস্থ্য উপযোগী গুড়ৰ চৰবত

ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত শৰীৰটো শীতল কৰি ৰাখিবলৈ বহুতেই বজাৰত সহজে উপলব্ধ  ঠাণ্ডা পানীয় সেৱন কৰে।যিসমূহ স্বাস্থ্যৰ পক্ষে একেবাৰে হানিকাৰক। একাংশই আকৌ এইকেইটা দিনত দৈ, লচ্চি বা নেমু পানী সেৱন কৰি শৰীৰটোক শীতল কৰাৰ চেষ্টা কৰে।গৰমত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী এবিধ পানীয় হৈছে গুড়ৰ চৰবত।হয়, গৰমত গুড়ৰ চৰবত খাই আপুনি পেটৰ সকলো সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে।এই চৰবত বনোৱাটোও অতি সহজ।শৰীৰৰ উপযোগী এইবিধ পানীয় কিদৰে প্ৰস্তুত কৰিব লাগে, জানো আহক-

গুড়ৰ চৰবত তৈয়াৰ কৰিবৰ বাবে লাগতিয়াল সামগ্ৰীসমূহ- 

গুড়ৰ গুৰি - ২ চাহ চামুচ

পুদিনা পাত - ৬টা

নেমুৰ ৰস - ২ চাহ চামুচ

পানী - প্ৰয়োজন অনুসৰি

বৰফৰ টুকুৰা - প্ৰয়োজন অনুসৰি

এই চৰবত তৈয়াৰ কৰাৰ পদ্ধতি

১) প্ৰথমে গুড়ৰ গুৰিখিনি ব্লেণ্ডাৰ জাৰত ল’ব।

২) তাৰ পিছত তাত পুদিনা পাত, ক'লা নিমখ, নেমুৰ ৰস, পানী আৰু বৰফৰ টুকুৰা যোগ দিয়ক।

৩) এই সকলোখিনি ব্লেণ্ডাৰত পিছি পেলাব।

৪) এতিয়া গিলাচত বাকি পৰিৱেশন কৰক।

৫) পৰিৱেশন কৰোতে গিলাচটোৰ ওপৰত দুটামান পুদিনা পাত দিবলৈ নাপাহৰিব।

Also Read: চালাডৰ গ্ৰহণৰ ক্ষেত্ৰত সচেতন হওঁক, অন্যথা হ’ব পাৰে স্বাস্থ্যৰ গুৰুতৰ ক্ষতি