/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/63bb49a1-acf7-45c0-93a5-e27bc6b8aae4/asia_rose_garden.jpg)
ডিজিটেল ডেস্ক: গোলাপ ফুলৰ সৌন্দৰ্য আৰু সুৱাস অতুলনীয়।গোলাপ বুলিলেই প্ৰেমৰ প্ৰতীক ৰঙা গোলাপ ফুলপাহিৰ কথাই সাধাৰণতে আমাৰ মনলৈ আহে।কিন্তু প্ৰকৃততে গোলাপ ফুলৰ প্ৰজাতি বহু আছে।আমাৰ ভাৰতৰে চণ্ডিগড়ত থকা ৰ’জ গাৰ্ডেন অৰ্থাৎ গোলাপৰ বাগিচাখনতে ১৬০০ প্ৰজাতিৰ গোলাপ আছে। হয়, এছিয়াৰ ভিতৰতেই সৰ্ববৃহৎ এইখন গোলাপ ফুলৰ বাগিচা।
৩০ একৰতকৈও অধিক ভূমিত বিয়পি থকা এই ৰ’জ গাৰ্ডেনত ১৬০০ প্ৰজাতিৰ প্ৰায় ৫০,০০০ গোলাপ ফুল ফুলে।এই বাগিচাখনত আন বহু প্ৰজাতিৰ ফুল আৰু উদ্ভিদো আছে।১৯৬৭ চনত চণ্ডিগড়ৰ প্ৰথম প্ৰশাসক ড০ মহিন্দৰ সিং ৰন্ধাৱাই এই বাগিচাখন গঢ়ি তুলিছিল আৰু দেশৰ তৃতীয় ৰাষ্ট্ৰপতি ড০ জাকিৰ হুছেইনে ইয়াক ৰ’জ গাৰ্ডেন নাম দিয়ে। সেয়েহে এই বাগিচাখনক জাকিৰ হুছেইন ৰ’জ গাৰ্ডেন বুলি কোৱা হয়।
ৰ’জ গাৰ্ডেনখন আৰু অধিক সুন্দৰ কৰি পৰ্যটকসকলৰ বাবে আকৰ্ষণীয় কৰি তুলিবলৈ ৰাজ্য প্ৰশাসনে ছেক্টৰ-১৭ প্লাজা আৰু ৰ’জ গাৰ্ডেনৰ মাজত এটা আণ্ডাৰপাছ প্ৰস্তুত কৰিছে। এই আণ্ডাৰব্ৰীজৰ ভিতৰত স্থাপন কৰা সেউজীয়াই কেৱল চহৰখনক এক পৃথক পৰিচয় প্ৰদান কৰাই নহয়, ৰ’জ গাৰ্ডেনলৈ অহা পৰ্যটকসকলক এক বিশেষ অভিজ্ঞতাও প্ৰদান কৰে।তদুপৰি, এই আণ্ডাৰব্ৰীজৰ ভিতৰত গোটেই বছৰজুৰি বিভিন্ন প্ৰকাৰৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়, যিয়ে বিভিন্ন স্তৰৰ শিল্পীসকলৰ সৃষ্টিকো স্বীকৃতি প্ৰদান কৰে। এই আণ্ডাৰপাছে ছেক্টৰ-১৭ক ৰ’জ গাৰ্ডেনৰ সৈতে সংযোগ কৰে।উল্লেখ্য যে, প্ৰতি বছৰৰ ফেব্ৰুৱাৰী মাহত জাকিৰ হুছেইন ৰ’জ গাৰ্ডেনত চণ্ডিগড় পৌৰ নিগমে তিনিদিনীয়াকৈ ৰ’জ ফেষ্টিভেলৰ আয়োজন কৰে।