/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f07eb57d-1d2a-4358-9a4e-03d0c1f578eb/AP_FOR_WEB_kohli__1_.jpg)
ডিজিটেল ডেস্ক: ক্ৰিকেটৰ সমান্তৰালকৈ ছ’চিয়েল মেডিয়াতো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে বিশ্ববাসীৰ পছন্দৰ ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী।হয়, ইনষ্টাগ্ৰামত ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰীৰ খিতাপ অৰ্জন কৰিছে বিৰাট কোহলীয়ে।ইনষ্টাগ্ৰামত কোহলীৰ আছে ২৫৬মিলিয়ন 'ফ'ল'ৱাৰ'।
হুপাৰৰ মুখ্য কাৰ্যালয়ৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি, বিৰাট কোহলী হৈছে ভাৰতীয় ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলৰ মাজত আটাইতকৈ প্ৰভাৱশালী তথা সৰ্বাধিক উপাৰ্জনকাৰী ব্যক্তি। এই প্ৰতিবেদনত কোহলীয়ে তেওঁৰ এটা ইনষ্টাগ্ৰাম প'ষ্টৰ বাবে কিমান টকা উপাৰ্জন কৰে, সেয়াও স্পষ্টকৈ প্ৰকাশ কৰা হৈছে।সেই অনুসৰি, কোহলীয়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা প্ৰতিটো ব্যক্তিগত প'ষ্টৰ বাবে লাভ কৰে ১৪ কোটি টকা। প্ৰতিটো প্ৰচাৰমূলক ইনষ্টাগ্ৰাম প'ষ্টৰ বাবে ক্ৰিকেটাৰজনে লাভ কৰে ৯ কোটি টকা।বিশ্বৰ ইনষ্টাগ্ৰামৰ প্ৰভাৱশালী ব্যক্তিসকলৰ তালিকাত শীৰ্ষৰ ২০ৰ তালিকাত নাম অন্তৰ্ভূক্ত হোৱা একমাত্ৰ ভাৰতীয় হৈছে বিৰাট কোহলী।
হুপাৰ মুখ্য কাৰ্যালয়ৰ ৰেংকিঙত ২০২৩চনত ইনষ্টাগ্ৰামত শীৰ্ষ উপাৰ্জনকাৰীসকলৰ ভিতৰত শীৰ্ষত আছে ফুটবলৰ কিংবদন্তী ক্ৰিষ্টিয়ান' ৰোনাল্ডো আৰু লিয়োনেল মেছি। ৰোনাল্ডোয়ে প্ৰতিটো প'ষ্টত ২৬.৭৫ কোটি টকা লাভ কৰে বিপৰীতে মেছিয়ে লাভ কৰে ২১.৪৯ কোটি টকা।
উল্লেখ্য যে, এই তালিকাত নাম অন্তৰ্ভূক্ত হৈছে আন এগৰাকী ভাৰতীয়ৰ। হয়, এই তালিকাত ২৯সংখ্যক স্থানত নাম আছে বলীউডৰ তাৰকা প্ৰিয়ংকা চোপ্ৰাৰ।প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, প্ৰিয়ংকাই এটা ইনষ্টাগ্ৰাম প'ষ্টৰ বাবে লাভ কৰে ৫৩২ হাজাৰ আমেৰিকান ডলাৰ অৰ্থাৎ প্ৰায় ৪.৪০ কোটি টকা।
Also Read: স্বামীৰ প্ৰাক্তন পত্নী সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিলে স্মৃতি ইৰাণীয়ে