ডিজিটেল ডেস্ক: কেতিয়াবা কোনো ব্যক্তিৰ জীৱনত এনে কিছুমান ঘটনা সংঘটিত হয়, যিবোৰ ঘটনাই জীয়াই থকালৈকে লগ নেৰে। এতিয়া স্মৃতি ইৰাণীলৈকে চাওঁক, দেশৰ প্ৰভাৱশালী ৰাজনীতিবিদ হোৱাৰ পাছতো তেওঁৰ বিৰুদ্ধে আনৰ ঘৰ ভঙাৰ অভিযোগ আছে। হয়, স্মৃতি ইৰাণীয়ে তেওঁৰ অতি ঘনিষ্ঠ বান্ধৱীৰ ঘৰ ভাঙি বান্ধৱীৰ স্বামীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ অভিযোগ আছে। কিন্তু শেহতীয়াকৈ এই সন্দৰ্ভত নীৰৱতা ভংগ কৰিছে স্মৃতি ইৰাণীয়ে।
কেইদিনমান পূৰ্বে স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁক 'ফ্লায়িং কিছ' দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। যেতিয়া অভিযোগৰ কথা আহে, অধিকাংশ মানুহেই ব্যক্তিগত কথাবোৰৰ চৰ্চা বেছিকৈ কৰে।এইসময়তে একাংশই স্মৃতি ইৰাণীক তেওঁৰ অতীতৰ কথাক লৈ তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰে।আনহাতে, শেহতীয়াকৈ স্মৃতি ইৰাণীয়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা 'আস্ক মি এনিথিং' চেচন এটাও কৰে। য'ত তেওঁক তেওঁৰ স্বামী জুবিন ইৰাণীৰ প্ৰথম পত্নীৰ বিষয়ে এগৰাকী ব্যৱহাৰকাৰীয়ে প্ৰশ্ন উত্থাপন কৰে।
ব্যৱহাৰকাৰীজনে স্পষ্টকৈ স্মৃতি ইৰাণীক সোধে যে, - আপুনি আপোনাৰ ঘনিষ্ঠ বান্ধৱীৰ স্বামীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে নেকি? এনে পৰিস্থিতিত মন্ত্ৰীগৰাকীয়ে বিষয়টো ঘূৰাই নিদিয়াকৈ পোনপটীয়া উত্তৰো দিয়ে।তেওঁ ইয়াৰ উত্তৰত উল্লেখ কৰে, ‘নহয়, ম'না (স্মৃতি ইৰাণীৰ স্বামীৰ প্ৰাক্তন পত্নী) মোতকৈ ১৩ বছৰে ডাঙৰ, সেয়েহে তেওঁ মোৰ শৈশৱৰ বন্ধু হোৱাৰ কোনো প্ৰশ্নই নুঠে। তেওঁলোকৰ পৰিয়ালটো ৰাজনীতিৰ লগত জড়িত নহয়, সেয়েহে তেওঁলোকক ইয়ালৈ টানি নানিব।মোৰ সৈতে যুঁজ দিয়ক, মোৰ সৈতে তৰ্ক কৰক, মোক অপমান কৰক, কিন্তু ৰাজনীতিৰ সৈতে কোনো সম্পৰ্ক নথকা ব্যক্তিক আপোনালোকে সাঙুৰি নেপেলাব।তেওঁলোক সন্মানৰ যোগ্য।'
আনহাতে, মন্ত্ৰী স্মৃতি ইৰাণীৰ উত্তৰৰ পৰা এইটো স্পষ্ট হৈছে যে, তেওঁ এতিয়াও স্বামীৰ প্ৰথম পত্নীক সন্মান কৰে। আনহাতে, একাংশ লোকে ছ’চিয়েল মেডিয়াত উল্লেখ কৰে যে, তেওঁ প্ৰতিটো প্ৰশ্নৰ উত্তৰ যথেষ্ট হাস্যৰস আৰু চতুৰতাৰে দিছে। চৰ্চা মতে, যেতিয়া স্মৃতি ইৰাণী প্ৰথম মুম্বাইলৈ আহিছিল, তেতিয়া তেওঁ তেওঁৰ আটাইতকৈ ভাল বান্ধৱীৰ ঘৰত আশ্ৰয় লৈছিল।তেতিয়াই তেওঁৰ সম্পৰ্ক তেওঁৰ বান্ধৱীৰ স্বামীৰ সৈতে গঢ় লৈ উঠিছিল। পিছত, বন্ধৱীৰ সংসাৰ ভাঙি তেওঁৰ স্বামীৰ সৈতেই বিবাহপাশত আবদ্ধ হৈছিল স্মৃতি ইৰাণী।