আপুনি ভাবিব নোৱাৰাকৈ চকুৰ ক্ষতি কৰে বজাৰত উপলব্ধ কাজলে

চকু দুটা ধুনীয়া কৰি ৰখাত কাজলৰ ভূমিকা অপৰিসীম। কাজল এনে এবিধ প্ৰসাধন, যাক দৈনিক ব্যৱহাৰ কৰা হয়।বজাৰত নানা ৰকমৰ কাজল উপলব্ধ যদিও সেইসমূহ চকুৰ বাবে খুবেই অনুপযোগী। কিয়নো সেইসমূহ ৰাসায়নিক সমৃদ্ধ, যিয়ে আপোনাৰ চকুৰ যথেষ্ট ক্ষতি সাধন কৰিব পাৰে।

author-image
Asomiya Pratidin
New Update
আপুনি ভাবিব নোৱাৰাকৈ চকুৰ ক্ষতি কৰে বজাৰত উপলব্ধ কাজলে

ডিজিটেল ডেস্ক: চকু দুটা ধুনীয়া কৰি ৰখাত কাজলৰ ভূমিকা অপৰিসীম। কাজল এনে এবিধ প্ৰসাধন, যাক দৈনিক ব্যৱহাৰ কৰা হয়।বজাৰত নানা ৰকমৰ কাজল উপলব্ধ যদিও সেইসমূহ চকুৰ বাবে খুবেই অনুপযোগী। কিয়নো সেইসমূহ ৰাসায়নিক সমৃদ্ধ, যিয়ে আপোনাৰ চকুৰ যথেষ্ট ক্ষতি সাধন কৰিব পাৰে। এনে পৰিস্থিতিত, আপুনি সহজ উপায়েৰে ঘৰতে কাজল তৈয়াৰ কৰিব পাৰে।ঘৰতে অতি সহজভাৱে কিদৰে কাজল তৈয়াৰ কৰিব পাৰি, আজি জানো আহক-

Advertisment

কাজল তৈয়াৰ কৰিবৰ বাবে দৰকাৰী উপাদানসমূহ-

৪ টা কাঠবাদাম

২ চাহ চামুচ চফ

২ চাহ চামুচ ঘিউ 

 কেইটোপালমান নাৰিকল তেল

কিদৰে তৈয়াৰ কৰিব?

প্ৰথমে কাঠ বাদাম কেইটা গুৰি কৰি লব। তাৰ পাছত চফ আৰু গুৰি কৰা কাঠবাদাম কেইটা কপাহৰ টুকুৰা এটাত থৈ সেই কপাহৰ টুকুৰাটোক চাকিৰ আকৃতি দিব। এতিয়া এই চাকিটোত ২ চামুচ ঘিউ দি ওপৰত এখন প্লেট ৰাখিব। প্লেটখন এনেদৰে ৰাখিব যাতে চাকিটো নুমাই নাযায়। চাকিটোৰ ঘিউ শেষ হ’লে প্লেটখন ওলোটাই দি প্লেটখনত লাগি থকা ছাঁইৰ দৰে দেখাত কাজলখিনি এটা সৰু পাত্ৰলৈ উলিয়াই ল'ব। এতিয়া সেই পাত্ৰটোত কেইটোপালমান নাৰিকল তেল দি কাজলখিনিৰ সৈতে ভালদৰে মিহলি কৰিব। আপোনাৰ ঘৰত বনোৱা কাজল সাজু।কোনো ক্ষতি নোহোৱাকৈ চকুজুৰি ধুনীয়া কৰিবলৈ আপুনি ঘৰতে বনোৱা এই কাজল আপোনাৰ চকুত ব্যৱহাৰ কৰিব।

Also Read: এইদৰে ঘৰতে তৈয়াৰ কৰক ছালৰ বাবে অতি উপযোগী তিয়ঁহৰ ট’নাৰ