/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/31742a6a-857b-41cb-83e6-322073f615e7/AP_FOR_WEB______________.jpg)
ডিজিটেল ডেস্ক: বৰ্তমান সময়ত ভাৰতত চিকিৎসা কৰাৰ অৰ্থ হৈছে সম্পূৰ্ণৰূপে নিজৰ পকেট খালী কৰা। কিছুমান চিকিৎসালয়ৰ মাচুল ইমানেই বেছি যে সাধাৰণ মানুহৰ বাবে তাত চিকিৎসা কৰাটো কোনো কাৰণতে সম্ভৱপৰ নহয়।ইয়াৰ বিপৰীতে এইখন দেশতে এনে চিকিৎসক আছে যিয়ে এক টকাৰ বিনিময়তে ৰোগীৰ চিকিৎসা কৰি আছে।হয়, এহাল দম্পতিয়ে তেওঁলোকৰ জীৱনৰ বাকী থকা সময়খিনি একেবাৰে কম মাচুলত ৰোগীক শুশ্ৰষা কৰাৰ নামতে উৎসৰ্গা কৰিছে।
এই চিকিৎসক দম্পতিৰ নাম ডাঃ ৰবীন্দ্ৰ কোলহে আৰু পদ্মশ্ৰী ডাঃ স্মিতা কোলহে।মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাৰ বৈৰাগড় গাঁৱৰ এই দম্পতিহালে বছৰ বছৰ ধৰি জনসাধাৰণৰ সেৱাত নিয়োজিত হৈ আছে। তেওঁলোক দুয়োজনে জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ চিকিৎসাৰ বাবদ মাত্ৰ এক টকা মাচুল লয়।ডাঃ ৰবীন্দ্ৰই সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙনিৰ বাবে ২০১১ চনত ১০ লাখ টকাৰ বঁটা লাভ কৰিছিল। এই টকাৰে তেওঁ গাওঁখনত এটা অপাৰেচন থিয়েটাৰ নিৰ্মাণ কৰিছিল।
বৈৰাগড় গাঁও পাবলৈ অমৰাৱতী জিলাৰ মূলৰ পথৰ পৰা ২৫ কিলোমিটাৰ বাছৰে আৰু ৩০ কিলোমিটাৰ খোজ কাঢ়িবলগীয়া হয়।যাৰ বাবে বজাৰ কৰিবলৈ গাওঁবাসীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। গাওঁবাসীৰ এই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া এই চিকিৎসক দম্পতিয়ে গাওঁখনতে খেতি কৰিবলৈ লৈছে, যাতে গাঁওবাসীয়ে গাৱতে খাদ্য সামগ্ৰী লাভ কৰিব পাৰে।তেওঁলোকৰ মতে, যেতিয়া গাওঁখনৰ মানুহে ভাল খাদ্য খায়, তেতিয়া ৰোগৰ আশংকাও নাথাকিব।
দৰাচলতে, মহাত্মা গান্ধী আৰু বিনোবা ভাৱেৰ আদৰ্শৰে অনুপ্ৰাণিত ৰবীন্দ্ৰ কোলহে সিদ্ধান্ত লৈছিল যে তেওঁ তেওঁৰ দক্ষতা ধন ঘটাৰ বাবে নহয়, দৰিদ্ৰ লোকসকলক সহায় কৰিবলৈ ব্যৱহাৰ কৰিব। ডাঃ কোলহে সিদ্ধান্ত লৈছিল যে তেওঁ তেওঁৰ সেৱাবোৰ এনে এখন ঠাইত আগবঢ়াব য'ত ৰোগীৰ বাবে কোনো চিকিৎসাৰ সুবিধা নাই।তেওঁৰ এই প্ৰচেষ্টাৰ ফলত গাঁওখনত শিশুৰ মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। ,
উল্লেখ্য যে, যেতিয়া ডাঃ স্মিতা প্ৰথমবাৰৰ বাবে মাতৃ হ'বলৈ ওলাইছিল, ডাঃ কোলহে সিদ্ধান্ত লৈছিল যে তেওঁ তেওঁৰ পত্নীৰ নিজে প্ৰসৱ কৰিব, যিদৰে তেওঁ গাওঁবাসীৰ সৈতে কৰিছিল। কিন্তু তেওঁলোকৰ শিশুটোৰ মেনিনজাইটিছ, নিউমোনিয়া আৰু চেপ্টিচেমিয়া হৈছিল আৰু গাওঁবাসীয়ে মাতৃ আৰু শিশু দুয়োকে এখন ডাঙৰ চিকিৎসালয়লৈ লৈ যোৱাৰ পৰামৰ্শ দিছিল। কিন্তু ডাঃ স্মিতাই সিদ্ধান্ত লৈছিল যে তাই তাইৰ সন্তানক গাওঁখনৰ বাকী শিশুৰ দৰেই গাঁৱতে চিকিৎসা কৰিব।সেইমতে গাঁৱতে চিকিৎসা কৰি মাতৃ আৰু শিশু দুয়োটা সুস্থও হৈ উঠিছিল।
Also Read: জলকীয়াৰ জুইয়ে দহিছে দেশবাসীক, বিকল্প বিচাৰি লাগিছে হাহাকাৰ
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us