/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/d5f08ea1-1dae-48cc-be6f-d57648a35071/AP_FOR_WEB_chilly.jpg)
জলকীয়াৰ জুইয়ে দহিছে দেশবাসীক, বিকল্প বিচাৰি লাগিছে হাহাকাৰ
ডিজিটেল ডেস্ক: মূল্যবৃদ্ধিয়ে সমগ্ৰ দেশবাসীকে জ্বলা-কলা খুৱাইছে।বিশেষকৈ পাচলিৰ আকাশচুম্বী মূল্যবৃদ্ধিৰ বাবে দুবেলা-দুমুঠি খাবলৈ এতিয়া সকলোয়ে চিন্তা কৰিবলগীয়া হৈছে। বিলাহীৰ পিছত এইবাৰ বহুগুণে দাম বাঢ়িছে জলকীয়াৰ।যাৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ই সমস্যাত ভূগিছে। কিয়নো প্ৰায় ৮০ শতাংশ ভাৰতীয়ৰে মছলাযুক্ত খাদ্য প্ৰিয় আৰু জলকীয়া অবিহনে মছলাযুক্ত খাদ্য ৰন্ধাটো একপ্ৰকাৰ অসম্ভৱ।কিন্তু আপুনি কেতবোৰ খাদ্যক আপোনাৰ আহাৰৰ অংশ কৰি লৈ জলকীয়াৰ অভাৱ পূৰণ কৰিব পাৰে।জলকীয়াৰ বিকল্প হিচাপে আপুনি গ্ৰহণ কৰিব পৰা এইসমূহ হৈছে-
চিলি চছ
বজাৰত বহু প্ৰকাৰৰ মচলাযুক্ত জলকীয়াৰ চছ উপলব্ধ আছে, যিসমূহক মূলতে চিংৰা আৰু নুডলছৰ দৰে খাদ্যৰ সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা হয়। আপুনি পাচলি বা যিকোনো ব্যঞ্জন তৈয়াৰ কৰোঁতে ইয়াক জলকীয়াৰ সলনি ব্যৱহাৰ কৰিব পাৰে।চছ ব্যৱহাৰৰ ফলত খাদ্যবোৰ আৰু অধিক সুস্বাদু হয়।
ৰঙা জলকীয়াৰ গুৰি
ৰঙা জলকীয়া গুৰিও জলকীয়াৰ এক উৎকৃষ্ট বিকল্প। যিকোনো ব্যঞ্জনত আপুনি জলকীয়াৰ সলনি ৰঙা জলকীয়াৰ গুৰি ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে, ইয়াক কম পৰিমাণে খাদ্যত ব্যৱহাৰ কৰিব, কিয়নো ই পাকস্থলীৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।
জালুক
জলকীয়াৰ অভাৱ পূৰণৰ বাবে আপুনি খাদ্য তৈয়াৰ কৰোতে জালুক ব্যৱহাৰ কৰিব পাৰে। জালুকৰ বহু ঔষধি গুণো আছে।
কেপচিকাম
জলকীয়া এতিয়া খুব ব্যয়বহুল হৈ পৰিছে।ফলত সকলোৰে বাবে জলকীয়া ব্যৱহাৰ কৰাটো এক প্ৰকাৰ সমস্যা হৈ পৰিছে।সেয়েহে আপুনি জলকীয়াৰ সলনি পাচলিত কেপচিকাম ব্যৱহাৰ কৰিব পাৰে।
শুকান জলকীয়া
দাইলত তেল মাৰিবলৈ আমাৰ অধিকাংশ ঘৰতে শুকান জলকীয়া ব্যৱহাৰ কৰা হয়। যাৰ বাবে সকলোৰে ঘৰতে সহজে উপলব্ধ শুকান জলকীয়া।সেয়েহে, জলকীয়াৰ বিকল্প হিচাপে আপুনি শুকান জলকীয়াও ব্যৱহাৰ কৰিব পাৰে।
Also Read: Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us