নগদ ধন, সোণ-ৰূপ চুৰি কৰি গৃহস্থলৈ টোকা লেখিলে চোৰে

এটা চোৰ আৰু এটা টোকা।সৰ্বত্ৰে এতিয়া চৰ্চা চলিছে এক বিশেষ চুৰিকাণ্ডৰ।হয়, এটা চোৰে চুৰি কৰি লেখি থৈ গৈছিল টোকা। এই টোকাটোৰ পম খেদিয়েই আৰক্ষীয়ে চোৰৰ সন্ধান উলিওয়াৰ চেষ্টা অব্যাহত ৰাখিছে।

author-image
Asomiya Pratidin
New Update
নগদ ধন, সোণ-ৰূপ চুৰি কৰি গৃহস্থলৈ টোকা লেখিলে চোৰে

ডিজিটেল ডেস্ক: এটা চোৰ আৰু এটা টোকা।সৰ্বত্ৰে এতিয়া চৰ্চা চলিছে এক বিশেষ চুৰিকাণ্ডৰ।হয়, এটা চোৰে চুৰি কৰি লেখি থৈ গৈছিল টোকা। এই টোকাটোৰ পম খেদিয়েই আৰক্ষীয়ে চোৰৰ সন্ধান উলিওয়াৰ চেষ্টা অব্যাহত ৰাখিছে।

Advertisment

হয়, এই আজৱ চুৰিকাণ্ডটো তামিলনাডুৰ তুতিকোৰিন জিলাৰ এটা ঘৰত সংঘটিত হৈছে।ঘৰখনৰ গৰাকী ৭৯ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক চিথিৰাই চেলভিন।চেন্নাইত থকা পুত্ৰৰ ঘৰলৈ যাওঁতেই  চেলভিনৰ ঘৰত এই কাণ্ড হৈছিল।চেলভিনে তেওঁৰ ভাড়াতীয়াৰ হাতত ঘৰখন চোৱা-চিতাৰ দায়িত্ব দিছিল যদিও চোৰে অতি কৌশলৰে তেওঁৰ ঘৰৰ পৰা নগদ ৬০হাজাৰ, দুযোৰ সোণৰ কাণফুলি আৰু ৰূপৰ পায়েল লৈ উধাও হয়।অৱশ্যে, চোৰে চুৰি কৰি গৃহস্থলৈ এটা টোকা এৰি গৈছিল। য’ত লেখা আছিল, ‘মোক ক্ষমা কৰি দিব। মই এমাহৰ ভিতৰত এই সকলোখিনি ঘূৰাই দিম। মোৰ ঘৰত ৰোগীয়া মানুহ আছে।তেওঁক চিকিৎসাৰ বাবেহে মই এই চুৰি কৰিবলৈ বাধ্য হ’লো।’

এই টোকা লাভ কৰি চেলভিনে কিছু স্বস্তিৰ নিশ্বাস এৰিছে। আৰক্ষীয়ে এতিয়া এই চোৰটোক আটক কৰিবলৈ চিচি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰি অনুসন্ধান অব্যাহত ৰাখিছে।এই সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ পাছতে স্থানীয় ৰাইজ তথা আন আন লোকসকল চোৰৰ এই আজৱ কাণ্ডত আচৰিত হৈছে।সকলোয়েই চোৰটোয়ে চেলভিনৰ চুৰি হোৱা সকলো সামগ্ৰীসমূহ ঘূৰাই দিব বুলি একপ্ৰকাৰ নিশ্চিত হৈছে।

Also Read: ভাগ্যয়ে সলাব গতি, সামাধান পাব সকলো সমস্যাৰ