/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a8fb775e-1e20-4a2a-8c71-b2fd60e3d68b/photos.jpg)
ডিজিটেল ডেস্ক: সকলোয়ে নিজৰ ঘৰখন সজাই-পৰাই পৰিপাটীকৈ ৰাখিবলৈ ভাল পায়। ঘৰখনৰ সজ্জাৰ বাবে আমি অধিকাংশই কেতবোৰ ফটো ব্যৱহাৰ কৰো।কিন্তু ঘৰ সজাবলৈ ব্যৱহাৰ কৰা এনে ফটোয়ে আপোনাৰ জীৱনলৈ যে বিভিন্ন সমস্যা কঢ়িয়াই আনিব পাৰে আপুনি জানেনে? হয়, বাস্তু বিশ্বাস অনুসৰি ঘৰত কিছুমান ফটো ৰখাটো একেবাৰে অশুভ। কি ফটোয়ে ঘৰখনলৈ অমংগল মাতি আনে, আজি এই বিষয়ে জানো আহক-
ডুব যোৱা নাৱৰ ফটো
বাস্তু বিশ্বাস অনুসৰি, ঘৰত ডুব যোৱা নাৱৰ ছবি থকাটো শুভ নহয়। এনে ফটো ঘৰত থাকিলে ঘৰখনলৈ নেতিবাচকতা আহে আৰু ঘৰৰ সদস্যসকলৰো মানসিক চাপ বৃদ্ধি হয়।
হিংসাত্মক জন্তু
ইয়াৰ উপৰিও ঘৰত হিংসাত্মক আৰু ৰক্তক্ষয়ী জন্তুৰ ছবিও ৰাখিব নালাগে। এনে ফটো ঘৰত ৰখাৰ ফলত অস্থিৰতাৰ সৃষ্টি হয়।
বৈ থকা পানীৰ ফটো
বৈ থকা পানীৰ ফটো কেতিয়াও ড্ৰয়িং ৰুমত ৰাখিব নালাগে। এই ফটোখন যিমানেই ধুনীয়া নহওঁক কিয়, এনে ফটো ঘৰত ৰাখিলে জীৱনত সমস্যাৰ উপৰি সমস্যাৰ সন্মুখীন হ’বলগীয়া হ'ব পাৰে।
মহাভাৰতৰ ছবি
মহাভাৰতৰ সৈতে সম্পৰ্কিত ফটোও ঘৰত থকাটো শুভ নহয়। এনে ফটো ঘৰত থাকিলে ঘৰৰ ব্যক্তিসকলৰ মাজত উত্তেজনা বৃদ্ধি হয় আৰু নেতিবাচকতাৰ আগমন ঘটে।
সমাধিৰ ছবি
ঘৰত কেতিয়াও সমাধিৰ ফটো ৰাখিব নালাগে। এনে ফটো পৰিয়ালৰ সুখ আৰু শান্তিৰ বাবে ভাল বুলি গণ্য কৰা নহয়। বহুলোকে ঘৰত তাজমহলৰ এখন ছবি ৰাখে। কিন্তু বাস্তু বিশ্বাস অনুসৰি, ঘৰত তাজমহলৰ ফটো থাকিলে জীৱনত বহু সমস্যাৰ সৃষ্টি হয়।
Also Read: পৰিয়ালৰ ভালৰ বাবে আজিয়েই ঘৰলৈ আনক এইসমূহ মূৰ্তি-ফটো
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us