পৰিয়ালৰ ভালৰ বাবে আজিয়েই ঘৰলৈ আনক এইসমূহ মূৰ্তি-ফটো

পৰিয়ালৰ ভালৰ বাবে আজিয়েই ঘৰলৈ আনক এইসমূহ মূৰ্তি-ফটো

ডিজিটেল ডেস্ক: সকলোৰে জীৱনলৈ বিভিন্ন সময়ত বিভিন্ন সমস্যা আহে।কিন্তু যদি আপুনি দীৰ্ঘদিনলৈ এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ নাপায়, তেন্তে নিশ্চিত হ'ব যে, আপোনাৰ ঘৰত বাস্তু ত্ৰুটি আছে। আমাৰ জীৱনৰ কিছুমান উত্থান-পতন আৰু অসুবিধা দূৰ কৰিবলৈ বাস্তুত কিছুমান বিধিৰ বিষয়ে উল্লেখ আছে।এইসমূহ মানি চলি আপুনি আপোনাৰ জীৱনটো সুচল কৰি তুলিব পাৰে। বাস্তুত কিছুমান মূৰ্তি আৰু ফটোৰ বিষয়ে কোৱা হৈছে, যিসমূহ ঘৰত ৰাখিলে জীৱনলৈ সুখ আৰু সমৃদ্ধি আহে।আজি এইসমূহৰ বিষয়ে জানো আহক-

দৌৰি থকা ঘোঁৰাৰ ফটো

ঘৰত দৌৰি থকা ঘোঁৰাৰ এখন ফটো থকাটো অতি জৰুৰী। বাস্তুৰ মতে, ঘোঁৰা প্ৰগতি, সফলতা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰতীক।সেয়েহে, এনে এখন ফটো ঘৰত ৰাখি ঘৰখনৰ প্ৰতিজন ব্যক্তিয়ে প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰে।

মাছ
সুখ আৰু সমৃদ্ধিৰ আগমন ঘটিবলৈ ঘৰত মাছ থকাটো শুভ বুলি বিশ্বাস কৰা হয়।ইয়াৰ বাবে আপুনি আপোনাৰ সাধ্য অনুসৰি একুৰিয়াম অথবা সৰু চিচাৰ পাত্ৰত মাছ ৰাখিব পাৰে।ফেংচুইতো ইয়াক অতি শুভ বুলি গণ্য কৰা হয়।

হাতীৰ মূৰ্তি

ঘৰত হাতীৰ মূৰ্তি ৰখাটোও বৰ শুভ।বিশ্বাস মতে, য'ত হাতী থাকে, তাত মা লক্ষ্মী থাকে। সেইকাৰণে হাতীৰ মূৰ্তি ঘৰত ৰাখিব লাগে।

ভাটৌৰ মূৰ্তি

শিশুৰ কোঠাত ভাটৌৰ মূৰ্তি ৰখাটোও যথেষ্ট শুভ বুলি গণ্য কৰা হয়। ই শিশুসকলৰ অধ্যয়নত মনোযোগ বৃদ্ধি কৰাৰ লগতে প্ৰতিযোগিতাত আগস্থান পোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।

গৰুৰ ফটো
যদি আপুনি ঘৰৰ পৰিৱেশ সুখী ৰাখিব বিচাৰে, তেন্তে ঘৰত গৰুৰ ফটো বা মূৰ্তি ৰাখিব পাৰে। কিন্তু মন কৰিব যে, ফটোখনত যাতে গৰুয়ে পোৱালীক গাখীৰ খুৱাই থাকে।বাস্তুৰ মতে ৩৩ কোটি দেৱ-দেৱী গৰুতে বাস কৰে।

পৰিয়ালৰ ভালৰ বাবে আজিয়েই ঘৰলৈ আনক এইসমূহ মূৰ্তি-ফটো
বিপদ অহাৰ আগতেই এই ৰাশিৰ লোকসকল সতৰ্ক হওঁক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in