ডিজিটেল ডেস্ক: চিংৰা, যাৰ নাম শুনিলেই হয়তো সকলোৰে খাবলৈ মন যায়।চিংৰা সকলো ঠাইতে অতি সহজে উপলব্ধ। সুস্বাদু চিংৰা মছলাযুক্ত আলু আৰু ময়দাৰে তৈয়াৰ কৰা হয়। ইয়াক চাটনিৰ সৈতে পৰিৱেশন কৰা হয়।কিন্তু আপুনি জানি হয়তো আচৰিত হ'ব যে সকলোৰে প্ৰিয় এই চিংৰা ভাৰতীয় খাদ্য নহয়। হয়, চিংৰাৰ ইতিহাস ভাৰতৰ সৈতে সম্পৰ্কিত নহয়।
চিংৰাৰ প্ৰকৃত নাম 'চাম্বোচাক' বা 'সম্বুচাক'। যিটো পাৰ্চী আৰু আৰবী ভাষাত পোৱা যায়। এইবিধ খাদ্য মূলতে পাৰ্চিয়া (আধুনিক ইৰাণ)ৰ পৰা আহিছিল আৰু মধ্য এছিয়াত যথেষ্ট জনপ্ৰিয় আছিল। পৰৱৰ্তী সময়ত ই ব্যৱসায়ী আৰু ভ্ৰমণকাৰীৰ জৰিয়তে ভাৰত পায়হি।
চিংৰাৰ উৎপত্তি পাৰ্চিয়াত বুলি ধাৰণা কৰা হয়, য'ত ইয়াক ‘চাম্বোচা’ বুলি কোৱা হৈছিল। প্ৰথমতে চিংৰা মাংস, মচলা আৰু বাদামেৰে ভৰ্তি এটা ভজা পেষ্ট্ৰী আছিল। পাৰ্চী আৰু মধ্য এছিয়াৰ ব্যৱসায়ী আৰু ভ্ৰমণকাৰীসকলে ইয়াক দশমৰ পৰা ত্ৰয়োদশ শতিকাৰ ভিতৰত ভাৰতলৈ লৈ আহিছিল। বিশেষকৈ মোগলৰ দিনত দিল্লীত চিংৰায়ে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছৰে পৰাই ভাৰতৰ বিভিন্ন অংশত লাহে লাহে চিংৰাৰ প্ৰচলন হৈছিল।
ভাৰত আহি পোৱাৰ পিছত চিংৰা স্থানীয় মচলা আৰু উপাদানৰ সৈতে খাপ খাইছিল। ভাৰতত চিংৰাৰ ভিতৰত আলু, মটৰ আৰু মচলা ব্যৱহাৰ কৰা হৈছিল, যিবোৰ ইয়াক ভাৰতীয় সোৱাদ আৰু শৈলীৰ সৈতে খাপ খুৱাবলৈ কৰা হৈছিল। ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন প্ৰকাৰৰ চিংৰা পোৱা যায়। বহু ঠাইত ভিন্ন ভিন্ন চাটনিৰ সৈতে চিংৰা পৰিৱেশন কৰা হয়, যিয়ে ইয়াৰ সোৱাদ দুগুণে বৃদ্ধি কৰে।
চিংৰাৰ উৎপত্তিৰ ইমান দিনৰ পাছতো কিন্তু হাজাৰ বছৰত ইয়াৰ ত্ৰিভুজাকাৰ আকৃতি একেবাৰে সলনি হোৱা নাই। যদিও বৰ্তমান চিংৰা নিৰামিষ-আমিষ দুয়োটা ৰূপতে উপলব্ধ, কিন্তু আলুৰ চিংৰাৰ কোনো বিকল্প নাই আৰু এইবিধ চিংৰাহে আকৌ আটাইতকৈ বেছি পছন্দৰ।
উত্তৰ প্ৰদেশ আৰু বিহাৰত আলুৰ চিংৰা জনপ্ৰিয়। আনহাতে, গোৱাত আমিষ চিংৰা অধিক জনপ্ৰিয়। পাঞ্জাৱী চিংৰা অতি মচলাযুক্ত। চীনা ৰন্ধনপ্ৰণালী পছন্দ কৰা সকলৰ বাবে নুডলছ চিংৰাও উপলব্ধ। আনহাতে, মানুহৰ পছন্দৰ প্ৰতি লক্ষ্য ৰাখি বহুজাতিক কোম্পানীসমূহে ইয়াক হিমায়িত খাদ্য হিচাপেও এতিয়া বজাৰত উপলব্ধ কৰিছে।