ট্ৰেফিক ছিগনেলত পত্নীক প্ৰেমৰ প্ৰস্তাৱ দিছিল মুকেশ আম্বানীয়ে

ট্ৰেফিক ছিগনেলত পত্নীক প্ৰেমৰ প্ৰস্তাৱ দিছিল মুকেশ আম্বানীয়ে

ডিজিটেল ডেস্ক: ব্যৱসায়ী মুকেশ আম্বানীৰ কণিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠানক কেন্দ্ৰ কৰি এতিয়া চৰ্চাৰ শীৰ্ষত আছে আম্বানী পৰিয়াল। বিয়াৰ এই  অনুষ্ঠানসমূহত হ'বলগীয়া দৰা -কইনাতকৈ মুকেশ আম্বানী তথা তেওঁৰ পত্নী নীতা আম্বানীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।তেওঁলোকৰ ৰোমাঞ্চ আৰু নৃত্যয়ে উপস্থিত সকলোকে মোহিত কৰিছিল।নকৰিবই বা কিয় ! বাস্তৱ জীৱনত তেওঁলোক দুয়ো খুব ৰোমাণ্টিক। হিন্দী চিনেমাৰ কাহিনীৰ দৰেই মুকেশ-নীতাৰ প্ৰেম কাহিনী।

হয়, মুকেশ আম্বানীৰ পিতৃ ধীৰুভাই আম্বানীয়ে কলেজত নৃত্য কৰি থাকোতে নীতাক প্ৰথমবাৰৰ বাবে দেখিছিল। ধীৰুভাই আম্বানীয়ে নীতাক দেখাৰ পিছৰে পৰা তেওঁ মন স্থিৰ কৰি লৈছিল যে তেওঁয়েই হ'ব ঘৰৰ বোৱাৰী।এই বিষয়ে জনাবলৈ ধীৰুভাই আম্বানীয়ে নীতাক বহুবাৰ ফোন কৰিছিল যদিও প্ৰথমে তেওঁ এই বিষয়ত একো দিয়া দিয়া নাছিল।এনেদৰে বহু বাৰ ফোন কৰাৰ পাছত এদিন ধীৰুভাই আম্বানীয়ে নীতাক এই বিষয়ে স্পষ্টকৈ প্ৰকাশ কৰিছিল।

ইয়াৰ পিছত নীতা আৰু মুকেশ আম্বানীয়ে প্ৰায়ে ইজনে সিজনক লগ কৰা আৰম্ভ কৰে। এবাৰ নীতাই মুকেশক তেওঁৰ সৈতে এখন বাছত যাত্ৰা কৰিবলৈ কৈছিল। মুকেশ আম্বানীয়ে তেওঁৰ বিলাসী গাড়ী এৰি নীতাৰ প্ৰেমত বাছখনতে উঠিছিল। মুকেশ আম্বানীয়ে নীতাক অতি বিশেষভাৱে প্ৰেমৰ প্ৰস্তাৱ দিছিল।এদিন দুয়ো গাড়ী লৈ ওলাই যাওঁতে মুম্বাইৰ পেড্ডাৰ ৰোডত যেতিয়া তেওঁলোকৰ গাড়ীখন ট্ৰেফিক ছিগনেলত ৰ'বলগীয়া হৈছিল, তেতিয়া মুকেশ আম্বানীয়ে নীতাক 'তুমি মোৰ সৈতে বিয়া হ'বা নেকি ?' বুলি প্ৰেমৰ প্ৰস্তাৱ দিছিল।বহু সময় ধৰি নীতা আম্বানীয়ে ইয়াৰ উত্তৰ দিয়া নাছিল আৰু বহুতো বাহনে পিছফালৰ পৰা হৰ্ণ বজাই আছিল। কিন্তু মুকেশে কৈছিল, 'তুমি উত্তৰ নিদিয়ালৈকে মই গাড়ী নচলাও।' ইফালে, ৰাস্তাত যান-জঁটৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱাতহে নীতাই তেওঁৰ প্ৰস্তাৱ স্বীকাৰ কৰিছিল।

উল্লেখ্য যে, ১৯৮৫ চনত নীতা আৰু মুকেশ বিবাহ পাশত আৱদ্ধ হয়।তেওঁলোকৰ তিনিটা সন্তান।প্ৰথম দুটা সন্তান আকাশ আম্বানী আৰু ঈশা আম্বানী যমজ।অনন্ত আম্বানী তেওঁলোকৰ কণিষ্ঠ পুত্ৰ।

ট্ৰেফিক ছিগনেলত পত্নীক প্ৰেমৰ প্ৰস্তাৱ দিছিল মুকেশ আম্বানীয়ে
শহুৰ হিচাপেও বহুতৰ বাবে আদৰ্শ মুকেশ আম্বানী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in