/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/80d997f5-2900-4286-8ac2-6318b3dd874c/pineapple.jpg)
ডিজিটেল ডেস্ক: গ্ৰিল খাদ্য বুলি ক’লে আমাৰ সাধাৰণতে মুৰ্গী মাংস আৰু কিছুমান পাচলিৰ কথাকেই মনলৈ আহে।কিন্তু কিছুমান ফলও গ্ৰিল কৰি খাব পাৰি।হয়, গ্ৰিল কৰি খাব পৰা এবিধ বিশেষ ফল হৈছে আনাৰস। গ্ৰিল আনাৰস এটা অতি সুস্বাদু ফিউজন ব্যঞ্জন, যাক স্বাস্থ্যকৰ জলপান হিচাপে খাব পাৰি।কিদৰে অতি সহজতে গ্ৰিল আনাৰস প্ৰস্তুত কৰিব পাৰি, আজি সেই বিষয়ে জানো আহক-
গ্ৰিল আনাৰস প্ৰস্তুত কৰাৰ বাবে দৰকাৰী সামগ্ৰীসমূহ-
১) এটা আনাৰস
২) বাৰ্বন হুইস্কি
৩) ব্ৰাউন ছুগাৰ
কিদৰে তৈয়াৰ কৰিব
১) প্ৰথমে বাকলি নুগুচুৱাকৈ এটা আনাৰস ভালদৰে গ্ৰিল কৰি ল'ব।
২) তাৰ পিছত ইয়াক ভালদৰে ঠাণ্ডা হ'বলৈ দিব।
৩) এতিয়া চুৰিৰ সহায়ত আনাৰসৰ বাকলিখিনি ভালদৰে আঁতৰাই ল'ব।
৪) আনাৰসটো ঘূৰণীয়াকৈ কাটিব আৰু তাৰ ওপৰত ব্ৰাউন চুগাৰ ছটিয়াই দিব।
৫) এতিয়া এই আনাৰসখিনি দুয়োফালে ভালদৰে সোণালী ৰঙৰ নোহোৱালৈকে বেক কৰিব।
৬) এতিয়া এটা পেনত বাৰ্বন হুইস্কি আৰু ব্ৰাউন চুগাৰ গৰম কৰক।
৭) ভালদৰে গৰম হ'লে এই চছখিনি আনাৰসৰ ওপৰত ঢালি দিব।
৮) আপোনাৰ গ্ৰিল কৰা আনাৰস সাজু।
৯) আপুনি ইয়াক গ্ৰিল কৰা চিকেনৰ সৈতেও খাব পাৰে।
১০) আনহাতে, জলপান হিচাপেও আপুনি গ্ৰিল আনাৰস উপভোগ কৰিব পাৰে।
Also Read: এইদৰে ৰান্ধিলে একো বেমাৰই স্পৰ্শ কৰিব নোৱাৰে আপোনাৰ শৰীৰ