/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/3024b1f6-bef6-4330-a155-c8d842439835/1__1_.jpg)
ডিজিটেল ডেস্ক: স্বাস্থ্যৱান হৈ থকাৰ বাবে খাদ্যৰ গুৰুত্ব কি, সেয়া হয়তো আমাৰ সকলোৰে জ্ঞাত।খাদ্যই শৰীৰটোক শক্তি আৰু পুষ্টি প্ৰদান কৰি সম্পূৰ্ণ স্বাস্থ্যৱান হৈ থকাত সহায় কৰে।কিন্তু যদি খাদ্য সঠিকভাৱে থোৱা নহয়, ই বহু ৰোগৰ কাৰণ হ'ব পাৰে। বিশ্বব্যাপী প্ৰতি ১০ জনৰ ভিতৰত এজনে বছৰি খাদ্য সম্পৰ্কীয় ৰোগৰ সৈতে যুঁজ দিবলগীয়া হয়। সেয়েহে খাদ্য ৰন্ধাৰ ক্ষেত্ৰত কিছুমান অভ্যাস কৰি আপোনাৰ খাদ্য এশ শতাংশই স্বাস্থ্য উপযোগী কৰি তুলিব পাৰে।আজি এই বিষয়ে জানো আহক-
পাকঘৰ চাফা কৰি ৰাখিব
পাকঘৰটো যাতে সকলো সময়তে পৰিস্কাৰ হৈ থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। ক্ষতিকাৰক বেক্টেৰিয়া প্ৰতিৰোধ কৰিবলৈ আপুনি ৰন্ধাৰ সময়ত প্ৰয়োজনীয় সকলো সামগ্ৰীয়েই ভালদৰে ধুই ল’ব।বিশেষকৈ বাচনবোৰ ভালদৰে পৰিস্কাৰ নকৰাৰ বাবে তাত বেক্টেৰিয়া জমা হ'বলৈ আৰম্ভ কৰে, যাৰ ফলত বহু ৰোগ হোৱাৰ আশংকা থাকে।
খাদ্য সদায় ভলকৈ ৰান্ধিব
খাদ্যত থকা বেক্টেৰিয়া আঁতৰাবলৈ ইয়াক সদায় ভালদৰে ৰান্ধিব। কেঁচা খাদ্যই বেক্টেৰিয়া বিয়পায়। ভালদৰে নিসিজা খাদ্যই বহুতো স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে।
ৰন্ধাৰ পাছত ভালকৈ থ’ব
ৰন্ধাৰ পিছত খাদ্যখিনি এটা ঢাকনি থকা চাফা পাত্ৰত ৰাখিব।এনেদৰে ৰাখিলে খাদ্য লেতেৰা পদাৰ্থৰ সংস্পৰ্শলৈ আহিব নোৱাৰে। তদুপৰি, যদি আপুনি পেকেটৰ খাদ্য আনে, তেন্তে সেই খাদ্যৰ কেতিয়া ম্যাদ উকলে, তাৰ প্ৰতি মন কৰিব।
নিজকে পৰিস্কাৰ ৰাখিব
ৰন্ধা বা খোৱাৰ আগতে আপোনাৰ হাত পৰিস্কাৰ ৰাখিব। খাদ্যত হাত লগোৱাৰ আগতে কমেও ২০ ছেকেণ্ডৰ বাবে গৰম পানীৰে হাত ধুব। ই হাতত পোৱা বেক্টেৰিয়া দূৰ কৰিব।আনহাতে, সদায় চাফা কাপোৰ পিন্ধিব।
পাচলিবোৰ ভালদৰে পৰীক্ষা কৰিব
পাচলি কিনাৰ আগতে মানদণ্ড পৰীক্ষা কৰিব। সদায় সতেজ পাচলিহে কিনিব। যদি কিবা পাচলি নষ্ট হয়, ইয়াক একেবাৰে ৰান্ধিব নালাগে। এই সকলোবোৰ বিষয়ে বিশেষভাৱে সচেতন হওঁক আৰু নিজকে সুস্থ ৰাখক।
Also Read: গৰমত ৰান্ধিবলৈ মন নগ’লে বনাব এইবিধ চাটনি