বজাৰৰ পৰা আৰু মিঠাই কিনাৰ প্ৰয়োজন নাই

অত্যাধিক মিঠাই খোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে একেবাৰে হানিকাৰক।মিঠায়েই হৈছে ডায়েবেটিছৰ দৰে দুৰোৰোগ্য ৰোগৰ প্ৰধান কাৰণ।যাৰ বাবে খাবলৈ মন গ'লেও আমি কোনো সময়ত মিঠাইৰ পৰা দূৰতে থাকিবলগীয়া হয়।কিন্তু এতিয়া আৰু আপুনি মিঠাইৰ লোভ সামৰিব নালাগে। ঘৰতে খুব সহজতে তৈয়াৰ কৰি আপুনি আপোনাৰ প্ৰিয় বেচনৰ লাডু খাব পাৰে।

author-image
Asomiya Pratidin
New Update
বজাৰৰ পৰা আৰু মিঠাই কিনাৰ প্ৰয়োজন নাই

ডিজিটেল ডেস্ক: মিঠাই আমাৰ সকলোৰে প্ৰিয়। কিন্তু অত্যাধিক মিঠাই খোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে একেবাৰে হানিকাৰক।মিঠায়েই হৈছে ডায়েবেটিছৰ দৰে দুৰোৰোগ্য ৰোগৰ প্ৰধান কাৰণ।যাৰ বাবে খাবলৈ মন গ'লেও আমি কোনো সময়ত মিঠাইৰ পৰা দূৰতে থাকিবলগীয়া হয়।কিন্তু এতিয়া আৰু আপুনি মিঠাইৰ লোভ সামৰিব নালাগে। ঘৰতে খুব সহজতে তৈয়াৰ কৰি আপুনি আপোনাৰ প্ৰিয় বেচনৰ লাডু খাব পাৰে।তাকো মিঠা অবিহনে।হয়, আজি ছুগাৰ ফ্ৰী বেচনৰ লাডু ঘৰত কিদৰে প্ৰস্তুত কৰিব পাৰি, জানো আহক- 

বেচনৰ লাডু বনাবৰ বাবে লাগতিয়াল সামগ্ৰীসমূহ-

-ঘিউ

-দুই কাপ ময়দা

-১০-১২ টা খেজুৰ

-ইলাচী গুৰি

-কিচমিচ

-শুকান ফলৰ গুৰি

ছুগাৰ ফ্ৰী বেচনৰ লাডু বনোৱাৰ পদ্ধতি

- কম জুইত এটা কেৰাহীত ঘিউ গৰম কৰি তাত দুই কাপ ময়দা ভাজি ল'ব।

- ময়দাৰ ৰং পাতল মুগা হোৱাৰ পিছত ইয়াক এটা বাটিত উলিয়াই ল'ব।

-ইয়াৰ পাছত আন এটা কেৰাহি গেছত তুলি তাত বাকলি গুচোৱা খেজুৰ কেইটা দি লৰাই থাকিব।

- খেজুৰখিনি কোমল হোৱাৰ পিছত সেইখিনি হেতা বা মেছাৰেৰে কেৰাহিতে ভালদৰে ভাঙি লৈ তাত ইলাচী গুৰি, কিচমিচ, শুকান ফলৰ পাউডাৰ মিহলি কৰিব।

- যেতিয়ালৈকে খেজুৰখিনিৰ লগত সকলো উপাদান ভালদৰে মিহলি হৈ নাযায়, তেতিয়ালৈ এই মিশ্ৰণটো ৰান্ধি থাকিব।

- এতিয়া এই মিশ্ৰণত ভজা ময়দা মিহলি কৰি ২ মিনিটৰ বাবে কম জুইত ৰান্ধিব। 

- ইয়াপ পিছত এই মিশ্ৰণটো প্লেট এখনত উলিয়াই লৈ হাতৰ তলুৱাত অলপ ঘিউ লগাই লাডু তৈয়াৰ কৰক।মন গ'লে আপুনি এই লাডুৰ ওপৰত কাজু দি সজাবও পাৰে।

Also Read: দৈ খোৱাৰ সঠিক সময় কি জানেনে ?