/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/45273388-c5f8-4c32-9bb1-07e8b8013072/WhatsApp Image 2024-07-27 at 6.59.01 PM (1).jpeg)
ডিজিটেল ডেস্ক: অৱশেষত আৰক্ষীৰ হাত লাগিল স্পাইডাৰমেন।দীৰ্ঘদিন ধৰি গাড়ীৰ বনেটত ওলমি সন্ত্ৰাস চলোৱাৰ পাছত দিল্লী আৰক্ষীয়ে কোনোমতে আটক কৰিবলৈ সক্ষম হয় স্পাইডাৰমেনক। হয়, দিল্লীৰ দ্বাৰকা পথৰ পৰা আৰক্ষীয়ে স্পাইডাৰমেনৰ পোছাক পিন্ধা এই ব্যক্তিজনক আটক কৰে।
প্ৰকৃততে, এই ব্যক্তিজনে দীৰ্ঘদিনৰ পৰা দিল্লীৰ বিভিন্ন ঠাইত গাড়ীত ওলমি আতংকৰ সৃষ্টি কৰি আহিছিল।বহুলোকে এই স্পাইডাৰমেনৰ ভিডিঅ' ছ'চিয়েল মেডিয়াত প'ষ্ট কৰি তেওঁলোকে সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে উল্লেখ কৰিছিল।এই অভিযোগসমূহৰ ভিত্তিতেই দিল্লী যান-বাহন আৰক্ষীয়ে এই স্পাইডাৰমেনজনক আটক কৰে।আটক কৰা ব্যক্তিজনক নজফগড়ৰ আদিত্য (২০) বুলি চিনাক্ত কৰা হৈছিল।আনহাতে, যিখন বাহনৰ বনেটত উঠি তেওঁ পথত আতংকৰ সৃষ্টি কৰিছিল, সেই বাহনখনৰ চালকজনকো আৰক্ষীয়ে আটক কৰিছে।চালকজনৰ নাম গৌৰৱ সিং (১৯)।
উল্লেখ্য যে, বাহনখনৰ গৰাকী আৰু চালকৰ বিৰুদ্ধে বিপদজনক, প্ৰদূষণ প্ৰমাণপত্ৰ অবিহনে গাড়ী চলোৱা আৰু চিটবেল্ট পৰিধান নকৰাৰ বাবে ২৬ হাজাৰ টকাৰ জৰিমনা বিহাৰ লগতে কাৰাবাসৰ দণ্ড দিয়া হৈছে।
Also Read: এই পবিত্ৰ মাহত পত্নীক কি ৰঙৰ খাৰু উপহাৰ দিব লাগে, জানি লওঁক