/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a54a8138-171e-4da8-b2f6-5dfbbbea1f25/snam.jpg)
ডিজিটেল ডেস্ক: ছালখন স্বাস্থ্যৱান কৰি ৰাখিবলৈ বহুতেই ফেচ মাস্ক ব্যৱহাৰ কৰে। কেৱল মুখখনক হাইড্ৰেটড কৰি ৰখাই নহয়, ছালখনক সকলো ফালৰ পৰাই পুষ্টি দিয়ে ফেচ মাস্কে। সেয়েহে অভিনেত্ৰীসকলৰ বাবেও ফেচ মাস্ক প্ৰথম পছন্দৰ প্ৰসাধন। বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী সোনম কাপুৰেও ছালৰ যত্নৰ ৰুটিনত ফেচ মাস্ক অন্তৰ্ভূক্ত কৰে।কিন্তু কোনো দিনেই বজাৰৰ পৰা অনা ফেচ মাস্ক ব্যৱহাৰ নকৰে সোনম কাপুৰে।হয়, ব্যয়বহুল সৌন্দৰ্য সামগ্ৰীৰ বিপৰীতে সোনমে সদায় ঘৰুৱা প্ৰাকৃতিক সামগ্ৰীৰে তৈয়াৰী ফেচ মাস্ক ব্যৱহাৰ কৰে।সোনমে ছালত কি ফেচ মাস্ক ব্যৱহাৰ কৰি বলীউডত জিলিকি আছে, আজি সেই বিষয়ে জানো আহক-
বেচনৰ ফেচ মাস্ক
সোনম কাপুৰে ছালক টান আৰু অতিৰিক্ত আৰ্দ্ৰতা দিবলৈ ঘৰত তৈয়াৰ কৰা বেচনৰ ফেচ মাস্ক ব্যৱহাৰ কৰে। বেচনৰ সৈতে ঘৰত উপলব্ধ হালধি, গোলাপ গোলাপ জল, গাখীৰ আৰু চন্দনৰ গুৰি মিহলি কৰি এই ফেচ মাস্কটো তৈয়াৰ কৰা হয়। এই ফেচ মাস্কটো মুখত লগাই শুকালে ধুই দিব লাগে। অভিনেত্ৰীগৰাকীৰ মতে, এই ফেচ মাস্কটো সৰ্বশ্ৰেষ্ঠ স্ক্ৰাব, যাক যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰি।
মুলতানি মাটিৰ ফেচ মাস্ক
সোনমে বেচনৰ উপৰিও মুখত মুলতানি মাটি প্ৰয়োগ কৰে। ইয়াৰ শীতল প্ৰভাৱে কেৱল ছালক শিথিল কৰাই নহয়, মুখৰ দাগো আঁতৰ কৰে। কেৱল মুখতেই নহয়, গা ধোৱাৰ সময়ত সোনমে পিঠি আৰু পেটতো মুলতানি মাটি ব্যৱহাৰ কৰে। ই যথেষ্ট কাৰ্যকৰী।
অভিনেত্ৰীগৰাকীৰ মতে, সদায় ঘৰুৱা সামগ্ৰীৰেই সৌন্দৰ্যচৰ্চা কৰিব লাগে। ইয়াৰ পৰা ছালৰ কোনো ক্ষতি নহয়।কিন্তু বজাৰত উপলব্ধ যিকোনো প্ৰসাধনতে ৰাসায়নিক সামগ্ৰী থাকে।যিবোৰ ছালৰ বাবে যথেষ্ট ক্ষতিকাৰক।সেয়েহে তেওঁ অনুৰাগীসকলকো প্ৰকৃতিক সামগ্ৰীৰে সৌন্দৰ্যচৰ্চা কৰাৰ পৰামৰ্শ দিয়ে।