
ডিজিটেল ডেস্ক: বহুতো দম্পতি এই বিষয়টোৰ ক্ষেত্ৰত নিশ্চিত থাকে যে তেওঁলোকে তেওঁলোকৰ সংগীৰ বিষয়ে সকলো জানে।কিন্তু এই ধাৰণাক মিছা প্ৰমাণিত কৰিলে টাইলী আৰু নিক ৱাটাৰ্ছ নামৰ উটাহৰ এহাল বিশেষ দম্পতিয়ে।হয়, বিবাহ সম্পন্ন হোৱাৰ তিনি বছৰৰ পাছতহে তেওঁলোকে গম পালে তেওঁলোক প্ৰকৃততে সম্পৰ্কীয় ভাতৃ-ভগ্নী।
টাইলী আৰু নিক ৱাটাৰ্ছে ছ'চিয়েল মেডিয়াত এটা ভিডিঅ' প'ষ্ট কৰি এই বিষয়ে নিজে ৰাজহুৱা কৰিছে।এই অপ্ৰত্যাশিত ঘটনাটোয়ে ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীসকলক আচৰিত কৰি তোলাৰে সমান্তৰালকৈ চিন্তিত কৰিছে।তদুপৰি তেওঁলোকে এই ভিডিঅ'টোত স্পষ্ট কৰে যে ভাতৃ-ভগ্নী হ'লেও এই সম্পৰ্ক এনেদৰেই অক্ষুন্ন ৰাখিব। তেওঁলোক দুয়ো তেওঁলোকৰ সম্পৰ্কৰ প্ৰতি দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ।
টাইলী আৰু নিক ৱাটাৰ্ছে আন এটা ভিডিঅ'ত প্ৰকাশ কৰে যে, তেওঁলোকৰ জন্মদিন একেদিনাই আৰু তেওঁলোক দুজনৰ দেখাত বহু মিল আছে। অৱশ্যে, দম্পতীহালে তেওঁলোকৰ এই সম্পৰ্কৰ বিষয়ে কেনেকৈ অৱগত হৈছিল, সেই বিষয়ে কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ কৰা নাছিল।
উল্লেখ্য যে, এই বছৰৰ আৰম্ভণিতে চেলিনা আৰু যোচেফ কুইনোনেছ নামৰ কলোৰাডোৰ এহাল দম্পতীৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছিল।বিবাহ পাশত আবদ্ধ হোৱা ১৭ বছৰ তথা তিনিটা সন্তানৰ পিতৃ-মাতৃৰ হোৱাৰ পাছত তেওঁলোকে জানিব পাৰিছিল যে তেওঁলোক সম্পৰ্কীয়।অৱশ্যে, এই দম্পতিহালে ডিএনএ পৰীক্ষাৰ জৰিয়তে এই বিষয়ে জানিব পাৰিছিল।