লুয়ানাৰ আকস্মিক বিয়োগত মৰ্মাহত সমগ্ৰ বিশ্ব

লুয়ানাৰ আকস্মিক বিয়োগত মৰ্মাহত সমগ্ৰ বিশ্ব

ডিজিটেল ডেস্ক: চিকিৎসকৰ হেমাহিয়ে প্ৰাণ কাঢ়ি নিলে এক উদীয়মান প্ৰতিভাৰ।হয়, লাইপোচাক্সন অস্ত্ৰোপচাৰ ভুল হোৱাত ২৯ বছৰ বয়সত অকাল মৃত্যুক সাবটিবলগীয়া হ'ল ব্ৰাজিলৰ তাৰকা লুয়ানা আন্দ্ৰাদেয়ে। স্থানীয় ছাও লুইজ চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ সময়তে এইগৰাকী তাৰকা শিল্পীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

এই অস্ত্ৰোপচাৰৰ সময়ত লুয়ানাই হঠাতে শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগি পিছত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিবলগীয়া হয়।পৰিয়ালৰ মতে, অস্ত্ৰোপচাৰৰ সময়তে মৃত্যু হৈছে লুয়ানাৰ।চিকিৎসকৰ হেমাহিয়েই লুয়ানাৰ মৃত্যুৰ একমাত্ৰ কাৰণ।ইয়াৰ বিপৰীতে আকৌ চিকিৎসালয় কতৃপক্ষই এই অভিযোগ অস্বীকাৰ কৰিছে। 

চিকিৎসালয়খনে এক বিবৃতিত প্ৰকাশ কৰা মতে, অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পূৰ্বেই লুয়ানাই কিছু অসুবিধা অনুভৱ কৰাত তেওঁৰ অস্ত্ৰোপচাৰ বন্ধ কৰা হৈছিল।ইয়াৰ পিছত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাত এক বৃহৎ থ্ৰম্বোচিছ থকা দেখা গৈছিল। ই হৈছে এনে এক স্থিতি, য'ত শিৰাবোৰত তেজ গোট মাৰে।স্বাস্থ্যৰ অৱনতি ঘটাত লগে লগে তেওঁক আইচিইউলৈ স্থানান্তৰ কৰি চিকিৎসকে প্ৰয়োজনীয় চিকিৎসা আগবঢ়ায়। কিন্তু চিকিৎসকৰ সকলো প্ৰচেষ্টাৰ পাছতো পুনৰ সুস্থ হৈ নুঠিল লুয়ানা।

ছ’চিয়েল মেডিয়াৰ খুবেই চৰ্চিত লুয়ানা দীৰ্ঘদিনৰ পৰা জাও হাদাদৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছিল।লুয়ানাৰ এই অকাল মৃত্যৰ পাছতে হাদাদে তেওঁৰ প্ৰেমিকাক জনোৱা হৃদয়বিদাৰক শ্ৰদ্ধাঞ্জলিয়ে এতিয়া সকলোকে আৱেগিক কৰি তুলিছে।তেওঁলোক দুয়োয়ে পেৰিছত তোলা এখন ফটো ছ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰি হাদাদে লেখিছে, ‘ঈশ্বৰৰ পৰিকল্পনাবোৰ বুজি পোৱাটো খুব কঠিন। মই জীয়াই থকাৰ সম্বল এতিয়া নাইকিয়া হ'ল।মোৰ শৰীৰৰ এটা টুকুৰা খহি পৰিল।মোৰ ৰাজকুমাৰী, বিদায় ! চিৰদিন মই তোমাৰ হৈয়ে থাকিম।’

লুয়ানাৰ আকস্মিক বিয়োগত মৰ্মাহত সমগ্ৰ বিশ্ব
স্বামীৰ কৰ্ম-কাণ্ডত দিশহাৰা হৈ পৰিছিল শিল্পা ছেট্টী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in