ঘৰখনৰ সুখ-শান্তিৰ হকে এইসমূহ কথা মানিব চলিব

অধিকাংশ মহিলাই ঘৰৰ দুৱাৰ মুখত সময় কটাবলৈ ভাল পায়। চাহ খোৱা, উল গোঠাৰ পৰা চুবুৰীয়া মহিলাৰ সৈতে কথা পতালৈকে, ঘৰৰ দুৱাৰ মুখতে মহিলাসকলে এই সকলোবোৰ কাম কৰে। কিন্তু বিশ্বাস অনুসৰি, ঘৰৰ দুৱাৰ মুখত এনেদৰে বহাটো একেবাৰেই অশুভ।শাস্ত্ৰৰ মতেও এনে কৰাটো গৃহস্থৰ পক্ষে খুবেই হানিকাৰক।

author-image
Asomiya Pratidin
New Update
ঘৰখনৰ সুখ-শান্তিৰ হকে এইসমূহ কথা মানিব চলিব

ডিজিটেল ডেস্ক: ঘৰৰ দৈনন্দিন কাম-কাজবোৰ শেষ কৰাৰ পিছত অধিকাংশ মহিলাই ঘৰৰ দুৱাৰ মুখত সময় কটাবলৈ ভাল পায়। চাহ খোৱা, উল গোঠাৰ পৰা চুবুৰীয়া মহিলাৰ সৈতে কথা পতালৈকে, ঘৰৰ দুৱাৰ মুখতে মহিলাসকলে এই সকলোবোৰ কাম কৰে। কিন্তু বিশ্বাস অনুসৰি, ঘৰৰ দুৱাৰ মুখত এনেদৰে বহাটো একেবাৰেই অশুভ।শাস্ত্ৰৰ মতেও এনে কৰাটো গৃহস্থৰ পক্ষে খুবেই হানিকাৰক।আজি এই বিষয়ে জানো আহক-

Advertisment

ঘৰৰ দুৱাৰ মুখত খাদ্য খোৱা 

ঘৰৰ দুৱাৰ মুখত ভৰি দি বহা তথা খাদ্য খোৱাটো একেবাৰেই বেয়া অভ্যাস।ই অতি অশুভ।ঘৰৰ সদস্যসকলে এনে কৰিলে ঘৰখনলৈ দৰিদ্ৰতা নামি আহে।

দুৱাৰ মুখ সদায় পৰিস্কাৰ কৰিব

ঘৰৰ আগফাল তথা দুৱাৰ মুখ সদায় চাফা কৰিব ৰাখিব লাগে।কিয়নো ঘৰ এখনলৈ প্ৰৱেশ কৰাৰ পথ যদি লেতেৰা হৈ থাকে, তেন্তে ঘৰখনলৈ নেতিবাচক প্ৰৱেশ কৰে। কেৱল আগফাল আৰু দুৱাৰ মুখেই নহয়, ঘৰত সুস্থ পৰিৱেশ বৰ্তাই ৰাখিবলৈ আপুনি বাস কৰা ঘৰটোৰ চাৰিওফালটো সদায় চাফা-চিকুনকৈ ৰাখিব।  

কাঠৰ ফ্ৰেম

আজিকালি বেছিভাগ লোকেই তেওঁলোকৰ ঘৰত কাঠৰ ফ্ৰেম আৰু আচবাব তৈয়াৰ কৰে। কিন্তু ঘৰৰ মূল দুৱাৰ খনৰ ফ্ৰেম কেতিয়াও কাঠৰে তৈয়াৰ কৰা হ’ব নালাগে।কিন্তু পাকঘৰত কাঠৰ ফ্ৰেম লগোৱাটো শুভ বুলি গণ্য কৰা হয়।

এইসমূহ ওলমাই নাৰাখিব

ঘৰৰ মূল দুৱাৰ মুখত ঘড়ী বা কেলেণ্ডাৰ ওলোমাই থ’ব নালাগে। এনে কৰিলে ঘৰৰ ভিতৰত বাস কৰা সদস্যসকলৰ আয়ুসত বেয়া প্ৰভাৱ পেলাব পাৰে।

আৱৰ্জনা জমা হ'বলৈ নিদিব

ঘৰৰ চাৰিওফালে যাতে আৱৰ্জনা জমা নহয়, তাৰ প্ৰতি সতৰ্ক হ’ব। বিশ্বাস মতে, ঘৰৰ পৰিৱেশ লেতেৰা হৈ থাকিলে মা লক্ষ্মী ঘৰত প্ৰৱেশ নকৰে।

ভোকাতুৰক খাদ্য দিব

মানুহেই হওঁক অথবা জন্তুয়েই হওঁক যদি ভোকাতুৰ হৈ থাকে, তেওঁলোকক খাবলৈ দিব। সাধু-সন্যাসীক কেতিয়াও অপমান নকৰিব।

ভাগ্যক কেতিয়াও অভিশাপ নিদিব

সুখ আৰু দুখ জীৱনৰ অংশ, সেয়েহে দুয়োটাকে গ্ৰহণ কৰিবলৈ শিকক। কেতিয়াও আপোনাৰ ভাগ্যক অভিশাপ দিব নালাগে।অন্যথা ই আপোনাৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলাব।

Also Read: শনিদেৱৰ আশীৰ্বাদ লাভৰ বাবে ঘৰৰ কোন দিশত ধূনা জ্বলাব লাগে জানেনে ?