শাহুৱেকে উপহাৰ দিয়া নেকলেছ পিন্ধি চৰ্চাত শ্লোকা

ৰাজকীয় জীৱন শৈলী তথা ব্যয়বহুল ফেশ্বনৰ বাবে সদয় চৰ্চাত থাকে মুকেশ আম্বানীৰ পৰিয়াল।শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা আম্বানীৰ কণিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ প্ৰাক-বিবাহৰ অনুষ্ঠানসমূহত এই পৰিয়ালটোৰ ৰাজকীয়তা পুনৰ বাৰ প্ৰতিফলিত হয়।হয়, এই অনুষ্ঠানত হ'বলগীয়া দৰা অনন্তে পৰিধান কৰে ৩৭.৭১ কোটিটকীয়া ঘড়ী।

author-image
Asomiya Pratidin
New Update

শাহুৱেকে উপহাৰ দিয়া নেকলেছ পিন্ধি চৰ্চাত শ্লোকা

ডিজিটেল ডেস্ক: ৰাজকীয় জীৱন শৈলী তথা ব্যয়বহুল ফেশ্বনৰ বাবে সদয় চৰ্চাত থাকে মুকেশ আম্বানীৰ পৰিয়াল।শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা আম্বানীৰ কণিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ প্ৰাক-বিবাহৰ অনুষ্ঠানসমূহত এই পৰিয়ালটোৰ ৰাজকীয়তা পুনৰ বাৰ প্ৰতিফলিত হয়।হয়, এই অনুষ্ঠানত হ'বলগীয়া দৰা অনন্তে পৰিধান কৰে ৩৭.৭১ কোটিটকীয়া ঘড়ী।

Advertisment

আনহাতে, আম্বানী পৰিয়ালৰ প্ৰতিগৰাকী মহিলাসকলকো বিয়াৰ অনুষ্ঠানসমূহত তেওঁলোকৰ ব্যয়বহুল গহনা প্ৰদৰ্শন কৰা দেখা পোৱা গ'ল। আপুনি জানি হয়তো আচৰিত হ'ব যে, অনন্ত আম্বানীৰ প্ৰাক-বিবাহৰ অনুষ্ঠানত পৃথিৱীৰ আটাইতকৈ দামী হীৰাৰ নেকলেছডাল পিন্ধিছিল পৰিয়ালৰ ডাঙৰ বোৱাৰী শ্লোকা মেহতাই।শ্লোকাৰ বিয়াত শাহু নীতা আম্বানীয়ে তেওঁক এই নেকলেছডাল উপহাৰ দিছিল।

শ্লোকাৰ এই নেকলেছডালৰ মূল্য হৈছে ৫৫ বিলিয়ন অৰ্থাৎ ৪৫০ কোটি টকা। উল্লেখ্য যে, এই নেকলেছত খোদিত আছে হালধীয়া ৰঙৰ হীৰা, যি হৈছে পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল হীৰা। এই আকাৰ প্ৰায় ৪০৭ কেৰেট। এই নেকলেছডালত মুঠ ৯১ টুকুৰা হীৰা আছে। এই নেকলেসটো তৈয়াৰ কৰিবলৈ ৰজ গল্ড চেইন ব্যৱহাৰ কৰা হৈছে। এই চেইনডাল ২০০ কেৰেটৰ।ইয়াৰ ডিজাইনে নেকলেছডালক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে।

Also Read: শহুৰ হিচাপেও বহুতৰ বাবে আদৰ্শ মুকেশ আম্বানী