Mahashivratri 2023: যদি আপোনাৰ এইবাৰ প্ৰথম ব্ৰত, এই সকলোবোৰ জানি লৈ শিৱক উপাসনা কৰক

Mahashivratri 2023: যদি আপোনাৰ এইবাৰ প্ৰথম ব্ৰত, এই সকলোবোৰ জানি লৈ শিৱক উপাসনা কৰক

ডিজিটেল ডেস্ক: কাইলৈ শিৱৰাত্ৰি।মহাদেৱক উপসনা কৰিবলৈ এতিয়া ভক্তসকল সম্পূৰ্ণৰূপে  সাজু হৈ উঠিছে। পিছে ভোলেনাথক সন্তুষ্ট কৰিবলৈ আপুনি কাইলৈ ব্ৰত বা উপবাসে থকাৰ কথা ভাবিছে নেকি ? মহাদেৱৰ এই উপবাস শিৱৰাত্ৰিৰ দিনা আৰম্ভ হৈ পিছদিনা সমাপ্ত হয়।সেয়ে এই সময়ছোৱাত আপোনাৰ স্বাস্থ্যৰ যত্ন লোৱাটোও অতি গুৰুত্বপূৰ্ণ। সঠিকভাৱে নকৰিলে উপাসনায়ে আপোনাৰ স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে।বিশেষকৈ যদি আপুনি কাইলৈ প্ৰথমবাৰৰ বাবে ব্ৰত ৰখাৰ কথা ভাবিছে, তেন্তে আপুনি তলত উল্লেখ কৰা ধৰণৰে নিজকে স্বাস্থ্যৱান কৰি ৰাখিব পাৰে-

যথেষ্ট পৰিমাণে পানী খাব 

উপবাসৰ সময়ত শৰীৰ স্বাস্থ্যৱান ৰাখিবলৈ কমেও চাৰি গিলাচ পানী খাব। খোৱা পানীয়ে আপোনাৰ শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ উলিয়াই দিব।আনহাতে, যদি আপুনি কেৱল পানী সেৱন কৰিয়েই উপবাস কৰি আছে, তেন্তে আপোনাৰ শৰীৰৰ প্ৰয়োজনীয়তা অনুসৰি পানীৰ পৰিমাণ বৃদ্ধি কৰক।পানীৰ লগতে আপুনি সতেজ ফলৰ ৰসো খাব পাৰে।

মনটো শান্ত কৰি ৰাখিব 

যদি আপুনি উপবাস কৰি আছে, তেন্তে সুখী, শান্ত আৰু চাপমুক্ত হৈ থাকিবলৈ চেষ্টা কৰিব।ই আপোনাক উদ্যমী অনুভৱ কৰাব আৰু সহজে উপবাস কৰিবলৈ সক্ষম হ'ব। 

শুকান ফল 

সন্ধিয়া পূজা সম্পূৰ্ণ কৰাৰ পিছত আপুনি শুকান ফল খাব পাৰে। ই আপোনাৰ শৰীৰক তাৎক্ষণিক শক্তি প্ৰদান কৰিব আৰু আপোনাৰ পেটও দীঘলীয়া সময়ৰ বাবে পূৰ্ণ হৈ থাকিব।

শৰীৰক ‘ডিটক্স’ কৰক

উপবাসৰ সময়ত শৰীৰক দুৰ্বলতাৰ পৰা সুৰক্ষিত কৰিবলৈ আপুনি আহাৰত বিভিন্ন ফলৰ ৰস, গাখীৰ, ‘মিল্কশ্বেক’, ভেষজ চাহ, দৈ আৰু ‘বাটাৰমিল্ক’ অন্তৰ্ভুক্ত কৰিব পাৰে।

এই খাদ্যবোৰো খাওক

উপবাসত আপুনি গাজৰ, চাবুদানা খীৰ বা লাড্ডু খাব পাৰে। ইয়াৰ লগতে আপুনি দেশী ঘিউ, গাখীৰ, দৈ, মাখনা আৰু চীনাবাদামো খাব পাৰে। এই খাদ্যবোৰ খালে আপোনাৰ পেট দীঘলীয়া সময়ৰ বাবে ভৰ্তি হৈ থাকিব। 

Mahashivratri 2023: যদি আপোনাৰ এইবাৰ প্ৰথম ব্ৰত, এই সকলোবোৰ জানি লৈ শিৱক উপাসনা কৰক
Mahashivratri 2023: শিৱৰাত্ৰিত মহাদেৱক এইবোৰ সামগ্ৰীৰে পূজা নিদিব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in