/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/90be5b8f-b300-499b-8e11-dbcbd551e54b/john.jpg)
ডিজিটেল ডেস্ক: শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত ভাইৰেল হৈছে ডাব্লিউডাব্লিউইৰ ছুপাৰষ্টাৰ জন চীনাৰ এটা বিশেষ ভিডিঅ’।এই ভিডিঅ’টো কিন্তু তেওঁৰ খেলৰ নহয়, এইবাৰ বলীউডৰ ‘বাদশ্বাহ’ শ্বাহৰুখ খানৰ এটা গীত গাইহে ভাইৰেল হৈছে জন চীনা।হয়, তেওঁ ‘দিল ত’ পাগল হে’ ছবিখনৰ ‘ভ’লী চি ছুৰত’ গীতটো গোৱা এটা ভিডিঅ' এতিয়া চৌদিশে ভাইৰেল হৈছে।
প্ৰকৃততে, শ্বাহৰুখ খানৰ ছবি ‘দিল ত’ পাগল হে’ৰ ‘ভ’লী চি ছুৰত’ গানটো গোৱাৰ এটা ভিডিঅ’ জন চীনাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।অৱশ্যে ইয়াৰ মূল ভিডিঅ'টো কেইমাহমান আগতে তেওঁ প’ষ্ট কৰিছিল। এতিয়া এই ভিডিঅ’টো ইনষ্টাগ্ৰামত পুনৰ শ্বেয়াৰ কৰা হৈছে আৰু পুনৰ সকলো অনুৰাগী আকৌ এই ভিডিঅ’টোক লৈয়ে ব্যস্ত হৈ পৰিছে।তদুপৰি, জন চীনাই আজি পুনৰ শ্বাহৰুখ খানৰ এখন ফটো তেওঁৰ ইনষ্টাগ্ৰাম একাউন্টত প’ষ্ট কৰিছে।
আচলতে, ডাব্লিউডাব্লিউইৰ বিশ্ব চেম্পিয়ন, লেখক তথা হলীউডৰ অভিনেতা জন চীনা শ্বাহৰুখ খানৰ অনুৰাগী।সেয়েহে মাজে-মাজে শ্বাহৰুখ খানৰ ফটো-ভিডিঅ’ প’ষ্ট কৰি হয়তো জন চীনাই সেয়া প্ৰমাণ কৰি থাকে।উল্লেখ্য যে, ‘দিল ত’ পাগল হে’ৰ এই গীতটো শ্বাহৰুখ খান, মাধুৰী দীক্ষিত আৰু কৰিশ্মা কাপুৰৰ ওপৰত চিত্ৰিত কৰা হৈছিল।গীতটোত লতা মংগেশকাৰ আৰু উদিত নাৰায়ণে কণ্ঠদান কৰিছিল।
Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত