Saraswati Puja 2023: ২৫ নে ২৬ জানুৱাৰী? জানি লওঁক সৰস্বতী উপসনাৰ সঠিক সময়, শুভ যোগ

Saraswati Puja 2023: ২৫ নে ২৬ জানুৱাৰী? 
জানি লওঁক সৰস্বতী উপসনাৰ সঠিক সময়, শুভ যোগ

ডিজিটেল ডেস্ক: সৰস্বতী হ'ল জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ দেৱী।দেৱী সৰস্বতীৰ প্ৰথম উল্লেখ পোৱা যায় ঋক বেদত।বৈদিক যুগৰ পৰা আৰম্ভ কৰি আধুনিক যুগলৈকে হিন্দুধৰ্মৰ অন্যতম পূজনীয় দেৱী হিচাপে গণ্য কৰা হয় দেৱী সৰস্বতীক।দেৱী সৰস্বতী ত্ৰিদেৱীৰ অন্যতম।উল্লেখ কৰাৰ প্ৰয়োজন যে হিন্দু ধৰ্মালম্বী লোকসকলে লক্ষ্মী-পাৰ্বতী-সৰস্বতীক ত্ৰিদেৱী জ্ঞান কৰে।ত্ৰিদেৱীয়ে ব্ৰক্ষ্মা, বিষ্ণু আৰু শিৱক যথাক্ৰমে জগৎ সৃষ্টি, পালন আৰু ধ্বংস কৰাত সহায় কৰে।

হিন্দুসকলে বসন্ত পঞ্চমী তিথিত সৰস্বতী পূজা কৰে।বৌদ্ধ ধৰ্মালম্বী লোকসকল, পশ্চিম আৰু মধ্য ভাৰতৰ জৈনসকলেও সৰস্বতীৰ পূজা কৰে। জ্ঞান, সংগীত আৰু শিল্পকলাৰ দেৱী হিচাপে ভাৰতৰ বাহিৰে জাপান, ভিয়েটনাম, বালি আৰু ম্যানমাৰতো সৰস্বতী পূজা কৰা হয়।

প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পক্ষৰ পঞ্চম দিনা সৰস্বতী পূজা অতি উৎসাহেৰে উদযাপন কৰা হয়। এই দিনটোত দেৱী সৰস্বতীক আৰধনা কৰা হয়। এই বছৰ সৰস্বতী পূজা ২৬ জানুৱাৰী, বৃহস্পতিবাৰে উদযাপন কৰা হ'ব।

সৰস্বতী পূজাৰ সঠিক সময়-শুভ যোগ

হিন্দু বৰ্ষপঞ্জী অনুসৰি, বসন্ত পঞ্চমী ২৬ জানুৱাৰীৰ পুৱা ৭.১২ বজাৰ পৰা ১২.৩৪ বজালৈ দেৱী সৰস্বতীক উপাসনা কৰাৰ সৰ্বশ্ৰেষ্ঠ সময়। ভক্তসকলে সৰস্বতীৰ উপাসনা কৰিবলৈ ৫ ঘণ্টা সময় পাব।এইবেলি বসন্ত পঞ্চমীৰ দিনা চাৰিটা শুভ যোগ- শিৱ যোগ, সিদ্ধ যোগ, সৰ্বৰ্থ সিদ্ধি যোগ আৰু ৰবি যোগ সৃষ্টি হৈছে। শিৱ যোগ ২৬ জানুৱাৰীৰ পুৱা ৩:১০ বজাৰ পৰা বিয়লি ৩:২৯ বজালৈ হ'ব। শিৱ যোগৰ সমাপ্তিৰ পিছতহে সিদ্ধ যোগ গঠন কৰা হ'ব আৰু ই সম্পূৰ্ণ নিশা হৈ থাকিব। সৰ্বৰ্থ সিদ্ধি যোগ আৰু ৰবি যোগ সন্ধিয়া ৬:৫৭ বজাৰ পৰা পিছদিনা পুৱা ৭:১২ বজালৈ হ'ব।

Saraswati Puja 2023: ২৫ নে ২৬ জানুৱাৰী? 
জানি লওঁক সৰস্বতী উপসনাৰ সঠিক সময়, শুভ যোগ
মহাশিৱৰাত্ৰি কেতিয়া? তাৰিখ, পূজাৰ সময় জানি লৈ আপুনিও সাজু হওঁক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in