পাকঘৰতে আছে কৰ্কট ৰোগৰ কাৰক, সতৰ্ক হওঁক

কৰ্কট ৰোগৰ ভয়াৱহতাৰ বিষয়ে হয়তো পুনক কোৱাৰ প্ৰয়োজন নাই।ক্ৰমান্বয়ে দ্ৰুতগতিত বৃদ্ধি পোৱা এই ৰোগ বিস্তাৰৰ মুখ্য কাৰণবোৰ হ'ল জীৱনশৈলী, প্ৰদূষণ আৰু পাকঘৰত ব্যৱহৃত সামগ্ৰী।

author-image
Asomiya Pratidin
New Update
পাকঘৰতে আছে কৰ্কট ৰোগৰ কাৰক, সতৰ্ক হওঁক

cancer-causing-items

ডিজিটেল ডেস্ক: কৰ্কট ৰোগৰ ভয়াৱহতাৰ বিষয়ে হয়তো পুনক কোৱাৰ প্ৰয়োজন নাই।ক্ৰমান্বয়ে দ্ৰুতগতিত বৃদ্ধি পোৱা এই ৰোগ বিস্তাৰৰ মুখ্য কাৰণবোৰ হ'ল জীৱনশৈলী, প্ৰদূষণ আৰু পাকঘৰত ব্যৱহৃত সামগ্ৰী। হয়, পাকঘৰত থকা কেতবোৰ সামগ্ৰী কৰ্কট ৰোগৰ অন্যতম কাৰক। যদি আপোনাৰ জীৱনটো প্ৰিয়, তেন্তে তলত উল্লেখিত সামগ্ৰীবোৰ আজিয়েই পাকঘৰৰ পৰা বাহিৰ কৰক-

Advertisment

আল্ট্ৰা প্ৰচেছড ফুড

 আজিকালি অধিকাংশ লোকেই পেকেটত থকা খাদ্য সামগ্ৰীবোৰ ফ্ৰীজত থৈ বহুদিনলৈ খাই থাকে। এই খাদ্যসমূহ অতি মাৰাত্মক। ইয়াৰ পৰিৱৰ্তে সতেজ ফল, পাচলি, মাংস-মুৰ্গী আৰু খাদ্যশস্য খাব। কিয়নো, এই পেকেটযুক্ত খাদ্যবোৰ সতেজ আৰু সুৰক্ষিত ৰাখিবলৈ বহু প্ৰকাৰৰ সংৰক্ষক যোগ দিয়া হয়, যিয়ে শৰীৰৰত বিভিন্ন গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে।

নন-ষ্টিক কুকৱেৰ

নন-ষ্টিক কুকৱেৰৰ পৰিৱৰ্তে ৰান্ধিবৰ বাবে ষ্টীল, আইৰণ, চিৰামিক কুকৱেৰ, চেনী আৰু মাটিৰে তৈয়াৰী পাত্ৰ ব্যৱহাৰ কৰিব। 

প্লাষ্টিকৰ পাত্ৰ

যদি আপুনি এতিয়াও প্লাষ্টিকৰ পাত্ৰত পাকঘৰৰ সামগ্ৰী সংৰক্ষণ কৰে, তেনেহ’লে এতিয়াৰে পৰা তাৰ সলনি গ্লাছ বা ষ্টেইনলেছ ষ্টীলৰ পাত্ৰ ব্যৱহাৰ কৰিব। কিয়নো এনে পাত্ৰত কোনো ধৰণৰ ৰাসায়নিক মিশ্ৰণ নাই। 


ৰিফাইন তেল

যদি আপুনি ৰিফাইন বা পৰিশোধিত তেল ব্যৱহাৰ কৰি আছে, তেন্তে আপুনি কৰ্কট ৰোগক নিজেই মাতি আছে। অপৰিশোধিত তেল, জলফাই তেল, আভাকাডো তেল আদিবোৰহে স্বাস্থ্যসন্মত তেল।

প্লাষ্টিক চ'পাৰ

শাক-পাচলি কাটিবলৈ ব্যৱহাৰ কৰা চ'পিং বৰ্ডখন প্লাষ্টিকৰ সলনি কাঠ বা ষ্টীলৰ ব্যৱহাৰ কৰিব। এনে বৰ্ডবোৰত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা নহয় লগতে বহুদিনলৈ নষ্ট নোহোৱাকৈ থাকে।

 এলুমিনিয়াম ফইল

ৰন্ধা আৰু বেকিং কৰাৰ বাবে পাৰ্চমেণ্ট কাগজ বা চিলিকন বেকিং মেট ব্যৱহাৰ কৰিব। এলুমিনিয়াম ফইলতকৈ এই বিকল্পবোৰ সুৰক্ষিত আৰু পুনৰ ব্যৱহাৰযোগ্য। আপুনি বাটাৰ পেপাৰো ব্যৱহাৰ কৰিব পাৰে।

প্লাষ্টিকৰ পানীৰ বটল

প্লাষ্টিকৰ বটলত থোৱা পানী খালে কৰ্কট ৰোগৰ আংশকা বৃদ্ধি কৰে।সেয়েহে সদায় প্লাষ্টিকৰ বটলৰ সলনি ষ্টীল গ্লাছ তামৰ বটল এটা ব্যৱহাৰ কৰক। ই পৰিৱেশৰ বাবেও সুৰক্ষিত। 

সুগন্ধি মমবাতি

পাকঘৰত থকা মমবাতি যাতে সুগন্ধিযুক্ত নহয়, সেইটো মন কৰিব।সুগন্ধিযুক্ত মমবাতিত  ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থাকে। 

Also Read: অজুহাত পালেই সুৰা সেৱন নকৰিব, আজিৰে পৰাই সলনি কৰক জীৱনশৈলী