/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/74156e89-1707-40e1-81c3-e194c3bb03b9/AP_FOR_WEB__rahul.jpg)
ডিজিটেল ডেস্ক: টেলিভিছনৰ সবাতোকৈ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ 'বিগ বছ’ৰ ‘ছিজন ২'ৰ বিখ্যাত প্ৰতিযোগী ৰাহুল মহাজন সময়ে সময়ে তেওঁ আজৱ-গজৱ কৰ্ম-কাণ্ডৰ বাবে চৰ্চালৈ আহে। শেহতীয়াকৈ পুনৰ শিৰোনামত আছে ৰাহুলৰ নাম। হয়, অভিনেতাজনে তেওঁৰ তৃতীয় পত্নীকো বিবাহ বিচ্ছেদ দিবলৈ সাজু হৈছে।ৰাহুলে কেইদিনমান পূৰ্বে আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছে আৰু অতি সোনকালেই দুয়ো পৃথক হ'বলৈ গৈ আছে।
ৰাহুল ২০১৮ চনত বিখ্যাত মডেল নাটালিয়া ইলিনাৰ সৈতে তৃতীয় বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু বিবাহৰ পিছতে দুয়োৰে সম্পৰ্কত ফাঁট মেলা আৰম্ভ হৈছিল। তেওঁলোক দুয়োজন বিগত বৰ্ষৰ পৰাই পৃথকে-পৃথকে আছে।এটা বিখ্যাত ৱেবছাইটক দিয়া এক সাক্ষাৎকাৰত ৰাহুল মহাজনে কয় যে, 'মই মোৰ জীৱনৰ কথাবোৰ ব্যক্তিগত কৰিয়েই ৰাখিব বিচাৰো।যাৰ বাবে সংবাদ মাধ্যমৰ আগত মই এই বিষয়ে একো ক'ব নিবিচাৰো। আজিকালি মই মোৰ ব্যক্তিগত জীৱনত কি চলি আছে, সেই বিষয়ে মই মোৰ বন্ধুবৰ্গৰ সৈতেও কথা নাপাতো।আজিকালি মই ভাল হৈছো।'
আনহাতে, তৃতীয় বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লোৱাৰ পিছত ৰাহুল একেবাৰে ভাগি পৰিছে। তেওঁৰ এজন ঘনিষ্ঠ বন্ধুয়ে জনোৱা মতে, ৰাহুল তেওঁৰ ব্যক্তিগত জীৱনৰ সমস্যাবোৰক লৈ বিৰক্ত হৈ পৰিছে। অৱশ্যে, এতিয়া লাহে লাহে তেওঁ নিজৰ জীৱনটো উন্নত কৰিবলৈ চেষ্টা কৰি আছে। বন্ধুজনে লগতে কয় যে, তেওঁ এতিয়া নতুন প্ৰেমিকা বিচাৰি আছে আৰু তেওঁৰ অতীতৰ অভিজ্ঞতাৰ বাবে জীৱনৰ বিষয়ে ৰাজহুৱা নকৰিবলৈ সিদ্ধান্ত লৈছে।
উল্লেখ্য যে, আৰম্ভণিৰে পৰা ৰাহুল আৰু নাটালিয়াৰ মাজৰ সম্পৰ্কত তিক্ততা আছিল। দুয়োৰে মাজৰ সম্পৰ্কত যথেষ্ট বিভেদ আছিল যদিও তেওঁলোক দুয়োজনে সম্পৰ্কটো বচাবলৈ চেষ্টা কৰিছিল। নাটালিয়া ৰাহুলৰ তৃতীয় পত্নী। ইয়াৰ আগতে, ৰাহুলে ২০০৬ চনত শ্বেতা সিঙৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল যদিও এই বিবাহ দুবছৰতকৈ বেছি সময় স্থায়ী হোৱা নাছিল আৰু ২০০৮ চনত দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল। ইয়াৰ পিছত ৰাহুলে ২০১০ চনত মডেল ডিম্পী গাংগুলীক বিয়া কৰায়। বিবাহৰ ৫ বছৰৰ পিছত ২০১৫ চনত তেওঁ ডিম্পীক বিবাহ বিচ্ছেদ দিয়ে আৰু তেওঁলোক দুয়ো পৃথক হয়। ডিম্পী আৰু শ্বেতা দুয়োগৰাকীয়েই ৰাহুলৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰিছিল।
Also Read: ইনষ্টাগ্ৰাম ৰীলৰ আসক্তিৰ বাবেই মমতাহীন হৈ পৰিল মাতৃ