ইনষ্টাগ্ৰাম ৰীলৰ আসক্তিৰ বাবেই মমতাহীন হৈ পৰিল মাতৃ

এতিয়া ছ’চিয়েল মেডিয়াৰ যুগ।এই মাধ্যমৰ বৰ্ধিত প্ৰৱণতাই মানুহক সলনি কৰি পেলাইছে।ছ’চিয়েল মেডিয়াত বিখ্যাত হ'বলৈ আজি-কালি কোনো কি কৰিবলৈ লৈছে, সেয়া হয়তো সকলোৰে জ্ঞাত।

author-image
Asomiya Pratidin
New Update
ইনষ্টাগ্ৰাম ৰীলৰ আসক্তিৰ বাবেই মমতাহীন হৈ পৰিল মাতৃ

ডিজিটেল ডেস্ক: এতিয়া ছ’চিয়েল মেডিয়াৰ যুগ।এই মাধ্যমৰ বৰ্ধিত প্ৰৱণতাই মানুহক সলনি কৰি পেলাইছে।ছ’চিয়েল মেডিয়াত বিখ্যাত হ'বলৈ আজি-কালি কোনো কি কৰিবলৈ লৈছে, সেয়া হয়তো সকলোৰে জ্ঞাত। ছ’চিয়েল মেডিয়াৰ বাবেই পশ্চিম বংগৰ উত্তৰ পৰাগনাত সংঘটিত হৈছে এক নঘটিবলগীয়া ঘটনা।হয়, ইনষ্টাগ্ৰামত ৰীল বনাবলৈ এগৰাকী মহিলাই ‘আইফ’ন ১৪’ ক্ৰয় কৰিছে।অতি ব্যয়বহুল এই ফ’নটো কিনিবলৈ মহিলাগৰাকীয়ে বিক্ৰী কৰি দিলে তেওঁৰ আঠমহীয়া পুত্ৰ সন্তান। হয়, আচৰিত যেন লাগিলেও ঘটনাটো সত্য।

Advertisment

খবৰ অনুসৰি, এই মহিলাগৰাকী আৰু তেওঁৰ স্বামীৰ আৰ্থিক অৱস্থা একেবাৰে ভাল নহয়।কোনোমতে দুবেলা দুমুঠি খাই জীয়াই থকা এই পৰিয়ালটোৰ ঘৰত ওচৰ চুবুৰীয়াই ইমান দামী ফ’নটো দেখি আচৰিত হৈ উঠিছিল। একে সময়তে, সেই মহিলাগৰাকীয়ে ৰীল বনাবলৈ বহু ঠাইলৈ ভ্ৰমণ কৰাও সকলোৰে দৃষ্টিগোচৰ হৈছিল।যাৰ বাবে ওচৰ চুবুৰীয়াৰ তেওঁলোকৰ প্ৰতি সন্দেহ উপজে।এই দম্পতীহালৰ পুত্ৰকো ঘৰত নেদেখি যেতিয়া চুবুৰীয়াসকলে তেওঁলোক দুয়োকে শিশুটোৰ বিষয়ে সুধিছিল, তেওঁলোকে একো স্পষ্ট উত্তৰ দিয়া নাছিল।

পিছত চুবুৰীয়াসকলে মহিলাগৰাকীৰ ওপৰত যথেষ্ট চাপ দিয়াত মহিলাগৰাকীয়ে তেওঁলোকৰ আঠমহীয়া পুত্ৰ সন্তানটো বিক্ৰী কৰিছে আৰু এহাল দম্পতীয়ে শিশুটোক ক্ৰয় কৰিছে বুলি স্বীকাৰ কৰে।অৱশ্যে, আৰক্ষীয়ে এতিয়া বিক্ৰী কৰি দিয়া শিশুটোক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে।

উল্লেখ্য যে, অভিযুক্ত মহিলাগৰাকী তেওঁৰ স্বামী আৰু শাহুৰেকৰ সৈতে পানীহাটি গান্ধীনগৰত বাস কৰিছিল। মহিলাগৰাকীৰ এগৰাকী কন্যা আৰু এটি চাৰি মহীয়া পুত্ৰ আছিল।ওচৰ চুবুৰীয়াই আৰক্ষীক দিয়া খবৰৰ ভিত্তিতে আৰক্ষীয়ে এই পৰিয়ালটোৰ সকলোকে এতিয়া আটক কৰিবলৈ সক্ষম হৈছে।আনহাতে, এই দম্পতীহাল ড্ৰাগছ ব্যৱহাৰৰ লগত জড়িত বুলিও অভিযোগ আছে। অভিযুক্ত মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে তেওঁলোকৰ কন্যাকো বিক্ৰী কৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হৈছিল।

Also Read: আজিয়েই ঘৰলৈ আনক কাছ, লাভ কৰক জীৱনৰ সকলো সুখ