পাইলটে কেমেৰাত বন্দী কৰিলে ৰাতিৰ আকাশৰ অবিশ্বাস্য ৰূপ

শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে এটা অবিশ্বাস্য ভিডিঅ’। অবিশ্বাস্য এইকাৰণেই যে, ভিডিঅ’টোত আকাশখনৰ ৰং ৰঙা আৰু সেউজীয়া দেখিবলৈ পোৱা গৈছে।মানৱজাতিৰ কল্পনাৰো অতীত এই ৰঙা- সেউজীয়া আকাশৰ ভিডিঅ’টো দেখি স্বাভাৱিকভাৱেই স্তম্ভিত হৈ পৰিছে সমগ্ৰ বিশ্ব।

author-image
Asomiya Pratidin
New Update
পাইলটে কেমেৰাত বন্দী কৰিলে ৰাতিৰ আকাশৰ অবিশ্বাস্য ৰূপ

ডিজিটেল ডেস্ক: শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে এটা অবিশ্বাস্য ভিডিঅ’। অবিশ্বাস্য এইকাৰণেই যে, ভিডিঅ’টোত আকাশখনৰ ৰং ৰঙা আৰু সেউজীয়া দেখিবলৈ পোৱা গৈছে।মানৱজাতিৰ কল্পনাৰো অতীত এই ৰঙা- সেউজীয়া আকাশৰ ভিডিঅ’টো দেখি স্বাভাৱিকভাৱেই স্তম্ভিত হৈ পৰিছে সমগ্ৰ বিশ্ব।

প্ৰকৃততে, এই ভিডিঅ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এজন পাইলটে। পাইলটজনে নিশাৰ আকাশৰ মাজেৰে গৈ থাকোতে এই অবিশ্বাস্য প্ৰাকৃতিক পৰিঘটনা তেওঁৰ ম’বাইলত বন্দী কৰিছে। থমাছ নামৰ পাইলটজনে এই ভিডিঅ’টোৰ বিষয়ে উল্লেখ কৰে যে, ‘এয়া ৰাতিৰ আকাশৰ একেবাৰে আকৰ্ষণীয় ‘অ’ৰ’ৰা’।মোৰ জীৱন দেখিবলৈ পোৱা ই এক অতি বিৰল দৃশ্য।’ 

এই ভিডিঅ’টো ভাইৰেল হোৱাত স্বাভাৱিকভাৱেই বহু লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।বহু ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে প্ৰথমবাৰৰ বাবে আকাশৰ এই ৰূপ দেখি আচৰিত হৈ পৰিছে।অধিকাংশই আকৌ ইয়াৰ বিষয়ে অধিক তথ্য জনাবলৈ পাইলটজনক আহ্বান জনাইছে।

Also Read: আচৰিত ! জ্যোতিষীয়ে মৃত্যুৰ ভৱিষ্যতবাণী কৰাৰ পাছতেই মৃত্যুক আকোৱালি ল’লে মহিলাই