/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/e78fd0b2-4268-4b44-b71d-4f577342ea17/Kidney_.jpg)
ডিজিটেল ডেস্ক: চিকিৎসক ইশ্বৰ তুল্য। ঈশ্বৰৰ পিছত যদি কোনোয়ে এজন ব্যক্তিক জীৱন দান কৰিব পাৰে, তেওঁ হৈছে চিকিৎসক। অতি কঠিন অস্ত্ৰোপচাৰৰ জৰিয়তে মৃত্যুৰ দুৱাৰমুখৰ পৰা এগৰাকী মহিলাৰ প্ৰাণ ৰক্ষা কৰি শেহতীয়াকৈ এই কথা পুনৰ সঁচা প্ৰমাণিত কৰিলে এটা চিকিৎসকৰ দলে ।হয়, এই মহিলাগৰাকীক চিকিৎসকে গাহৰিৰ কিডনী অথবা বৃক্ক সংৰোপণ কৰি ৰক্ষা কৰিলে তেওঁৰ বহুমূলীয়া জীৱন।
নিউ জাৰ্চীৰ এন.ৱাই.ইউ. লেংগন হেল্থ ইনষ্টিটিউট অফ মেডিচিনৰ চিকিৎসকৰ এটা দলে এগৰাকী মহিলাৰ হৃদস্পন্দন বজাই ৰাখিবলৈ প্ৰথমে যান্ত্ৰিক পাম্প ব্যৱহাৰ আৰু কেইদিনমান পিছত গাহৰিৰ বৃক্ক মহিলাগৰাকীৰ শৰীৰত সংৰোপণ কৰে।উল্লেখ্য যে, লিছা পিছানো নামৰ মহিলাগৰাকীৰ দুৰ্বল হৃদযন্ত্ৰ আৰু বৃক্ক বিকল হোৱাৰ ফলত ইমানেই অসুস্থ আছিল যে তেওঁৰ শৰীৰত অংগ সংৰোপণ সম্ভৱ হোৱা নাছিল।কিন্তু ইশ্বৰ স্বৰূপ চিকিৎসকৰ এটা দলটোয়ে বিগত মাহত মেচাচুচেটছ জেনেৰেল হাস্পতালত দুৰাৰোগ্য ৰোগত ভোগা এই মহিলাৰ শৰীৰত অস্ত্ৰোপচাৰৰ জৰিয়তে সফলভাৱে গাহৰিৰ বৃক্ক সংৰোপণ আৰু যান্ত্ৰিকভাৱে তেওঁৰ হৃদস্পন্দন স্থানান্তৰ কৰা হয়। আনহাতে, চিকিৎসকৰ এই দলটোৱে ঘোষণা কৰা মতে, লিছা পিছানো এতিয়া সুস্থ হৈ উঠিছে।
Also Read: ক'লা আঙুৰৰ চমৎকাৰী স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানেনে ?