/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/939348bf-a0a6-4eca-bceb-0c10e411c004/AP_FOR_WEB____________.jpg)
ডিজিটেল ডেস্ক: কোনো এজন ব্যক্তিৰ ব্যক্তিত্বৰ বিষয়ে জানিবলৈ তেওঁৰ নামৰ প্ৰথম আখৰটোয়েই যথেষ্ট। জ্যোতিষ শাস্ত্ৰ আৰু সংখ্যাতত্ত্বৰ মতে এজন ব্যক্তিৰ নামটোয়ে তেওঁৰ জীৱনৰ সৈতে সম্পৰ্কিত বহু কথাই প্ৰকাশ কৰে। পিছে আপোনাৰ নামৰ প্ৰথম আখৰটোয়ে আপোনাৰ ব্যক্তিত্বৰ কোনবোৰ দিশ উদঙাই জানেনে ? ‘দ’ আখৰৰে নাম আৰম্ভ হোৱা লোকসকলৰ কেনে প্ৰকৃতিৰ অধিকাৰী হয়, আজি জানো আহক-
সুশৃংখল জীৱন
জ্যোতিষশাস্ত্ৰৰ মতে, ‘দ’ আখৰৰে নাম আৰম্ভ হোৱা লোকসকলে পৰিস্কাৰ-পৰিচ্ছন্নতা বহুত ভাল পায়। এই লোকসকল বহুত পৰিশ্ৰমী। তেওঁলোকে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ সৈতে যিকাম কৰাৰ সিদ্ধান্ত লয় আৰু সেয়া সম্পূৰ্ণ কৰাত বিশ্বাস কৰে। তেওঁলোকে যি দিশতে আগবাঢ়ে সেই দিশতে সফলতা অৰ্জন কৰে। খুব শৃংখলিত জীৱন-যাপন কৰা এই লোকসকল অতি নিষ্ঠাৱান আৰু বিশ্বাসযোগ্য হয়।
কঠিন সময়ৰ সাৰথি
এই লোকসকলে আনক সমস্যাত দেখি বিচলিত হয় আৰু তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি যায়। একে সময়তে, বন্ধুবৰ্গৰ মাজত থাকি তেওঁলোকে নিজকে সুৰক্ষিত অনুভৱ কৰে। কামত কোনো ধৰণৰ অৱহেলা বা আপোচ নিজেও নকৰে আৰু আনে কৰিলেও পছন্দ নকৰে।এই লোকসকল বুদ্ধিমান হোৱাৰ বাবে জীৱনত যথেষ্ট উন্নতি কৰিব পাৰে। তেওঁলোকৰ প্ৰেম জীৱনো ভাল।‘দ’ আখৰৰে নাম আৰম্ভ হোৱা লোকসকলে তেওঁলোকৰ সংগীক মুক্ত হৃদয়েৰে সমৰ্থন কৰে।
বি দ্ৰ: এই প্ৰবন্ধটো কেৱল তথ্যৰ ভিত্তিতহে আধাৰিত।
Also Read: ঘৰৰ সামগ্ৰীবোৰ কি দিশত ৰাখিলে বাস্তু ক্ৰুটি দূৰ হয় জানেনে ?