Advertisment

ভক্তৰ বাবে বছৰত এবাৰহে খোলে এই ৰহস্যময় মন্দিৰ

ভাৰতত বহুতো এনে মন্দিৰ আছে, যি খুবেই ৰহস্যময়ী। এনে এটা অতি ৰহস্য ঘনীভূত মন্দিৰ হৈছে লাটু মন্দিৰ। এই মন্দিৰটো উত্তৰাখণ্ডত অৱস্থিত।এই মন্দিৰত ভক্তসকলে নিজৰ ইচ্ছা অনুসৰি ইশ্বৰক উপাসনা কৰিব নোৱাৰে। এই মন্দিৰত কোনো ভক্তই পোনপটীয়াকৈ প্ৰৱেশ কৰিব নোৱাৰে।হয়, মন্দিৰত প্ৰৱেশ কৰাৰ আগতে মন্দিৰৰ পুৰোহিতজনে ভক্তসকলৰ চকুত কাপোৰ বান্ধি দিয়াৰ পাছতহে তেওঁলোকে ইশ্বৰৰ উপাসনা কৰিব পাৰে।

author-image
Asomiya Pratidin
New Update
ভক্তৰ বাবে বছৰত এবাৰহে খোলে এই ৰহস্যময় মন্দিৰ

ডিজিটেল ডেস্ক: ভাৰতত বহুতো এনে মন্দিৰ আছে, যি খুবেই ৰহস্যময়ী। এনে এটা অতি ৰহস্য ঘনীভূত মন্দিৰ হৈছে লাটু মন্দিৰ। এই মন্দিৰটো উত্তৰাখণ্ডত অৱস্থিত।এই মন্দিৰত ভক্তসকলে নিজৰ ইচ্ছা অনুসৰি ইশ্বৰক উপাসনা কৰিব নোৱাৰে। এই মন্দিৰত কোনো ভক্তই পোনপটীয়াকৈ প্ৰৱেশ কৰিব নোৱাৰে।হয়, মন্দিৰত প্ৰৱেশ কৰাৰ আগতে মন্দিৰৰ পুৰোহিতজনে ভক্তসকলৰ চকুত কাপোৰ বান্ধি দিয়াৰ পাছতহে তেওঁলোকে ইশ্বৰৰ উপাসনা কৰিব পাৰে।

Advertisment

বিশ্বাস অনুসৰি, নাগৰাজে তেওঁৰ ৰত্নৰ সৈতে এই মন্দিৰত বাস কৰে।এই ৰত্নৰ উজ্জ্বল পোহৰ ভক্তৰ চকুত পৰিলে ভক্তই দৃষ্টি শক্তি হেৰুৱাব পাৰে। যাৰ বাবে পুৰোহিতসকলে মন্দিৰত প্ৰৱেশ কৰাৰ আগতে ভক্তসকলৰ চকুত কাপোৰ বান্ধি দিয়ে। 

আনহাতে, গোটেই বছৰটোতে এই ৰহস্যময় মন্দিৰৰ দুৱাৰ বন্ধ হৈ থাকে। ব'হাগ মাহৰ পূৰ্ণিমাত কেৱল এদিনৰ বাবেহে ভক্তসকলে এই মন্দিৰ দৰ্শন কৰিব পাৰে।এই দিনটোত মন্দিৰৰ পুৰোহিতে ভক্তৰ চকুত কাপোৰ বান্ধি তেওঁলোকক দূৰৰ পৰাহে দেৱতাক দৰ্শন কৰিবলৈ অনুমতি দিয়ে। 

যদি আপুনিও এই বিখ্যাত তথা অদ্ভুত মন্দিৰটো দৰ্শন কৰিবলৈ বিচাৰে, তেন্তে প্ৰথমে আপুনি চামোলীলৈ যাব লাগিব। যদি আপুনি দিল্লীৰ পৰা বাছৰ জৰিয়তে এই মন্দিৰ দৰ্শনৰ পৰিকল্পনা কৰে, তেন্তে হৃষীকেশ হৈ প্ৰায় ৪৬৫ কিলোমিটাৰ যাত্ৰা কৰিব লাগিব।

Also Read: জাতিৰ পিতা মহাত্মা গান্ধীক উপাসনা কৰা মন্দিৰটো ক’ত আছে জানেনে ?