আনৰ সংগ, কথা পাতি বেয়া পোৱা শিশুৰ আচৰণ কিদৰে উন্নত কৰিব জানেনে ?

সন্তানটোৰ এনে প্ৰকৃতি সময়মতে সলনি কৰাৰ দায়িত্ব পিতৃ-মাতৃৰ।আজি এই বিষয়ে সৱিশেষ জানো আহক-

author-image
Asomiya Pratidin
New Update
আনৰ সংগ, কথা পাতি বেয়া পোৱা শিশুৰ আচৰণ কিদৰে উন্নত কৰিব জানেনে ?

ডিজিটেল ডেস্ক: প্ৰতিজন অভিভাৱকেই তেওঁলোকৰ সন্তানক ভালকৈ ডাঙৰ-দীঘল কৰিবলৈ সৰ্বতোপ্ৰকাৰে যত্ন কৰে।কিন্তু তাৰ পাছতো বহুসময়ত তেওঁলোকৰ প্ৰকৃতি সলনি কৰিব নোৱাৰে।কিয়নো প্ৰতিটো শিশুৰে প্ৰকৃতি পৃথক পৃথক। বহু শিশুৱে মানুহৰ সৈতে কথা পাতি অথবা মানুহৰ সংগ ভাল নাপায়।শিশু এটাৰ এনে প্ৰকৃতিক অসামাজিক আচৰণ বুলি কোৱা হয়।সন্তানটোৰ এনে প্ৰকৃতি সময়মতে সলনি কৰাৰ দায়িত্ব পিতৃ-মাতৃৰ।আজি এই বিষয়ে সৱিশেষ জানো আহক-

Advertisment

আপোনাৰ শিশুটি এই আচৰণৰ চিকাৰ হৈছে বুলি আপুনি তলত উল্লেখ কৰা লক্ষণসমূহৰ পৰা ধৰিব পাৰিব-

. মানুহৰ সৈতে কথা পাতিবলৈ ইচ্ছুক নোহোৱা।

. মিছা কথা কোৱা আৰু খং কৰি থকা।

. মানুহৰ প্ৰতি অসন্মানজনক আচৰণ দেখুওৱা। 

. হিংসাত্মক আচৰণ কৰা। 

. ঘৰৰ বস্তু ভঙা।

শিশু এটা কিয় এই প্ৰকৃতিৰ হয় ? 

যদি আপোনাৰ শিশুটোয়ে সকলো সময়তে খং কৰি থাকে, ইয়াৰ অৰ্থ হৈছে যে তেওঁলোকৰ আচৰণ অসামাজিক। শিশুৰ ক্ষেত্ৰত এনে আচৰণ যিকোনো বয়সতে হ'ব পাৰে। অভিভাৱকৰ খঙাল প্ৰকৃতি, ইজনে-সিজনক সন্মান নকৰা, বিদ্যালয়ৰ চাৰিওফালে ভাল পৰিৱেশৰ অভাৱ, শিশুটোৰ মনত কিবা কথাৰ ভয়, আত্মবিশ্বাসৰ অভাৱ, শিশুটোৰ প্ৰতি পৰিয়াল আৰু আত্মীয়ৰ আচৰণ ভাল নোহোৱা আদি কাৰণত শিশু এটা অসামাজিক আচৰণৰ চিকাৰ হয়।

শিশুৰ এনে প্ৰকৃতি কিদৰে ঠিক কৰিব ?

শিশুৰ এনে আচৰণ ঠিক কৰিবলৈ অভিভাৱকসকলে শিক্ষকসকলৰ সহায় ল’ব পাৰে।যদি শিশুটোৰ আচৰণ ভাল নহয়, আপুনি খুব গুৰুত্ব সহকাৰে ইয়াৰ প্ৰতি মনোযোগ দিয়ক। শিশুটোক এনে আচৰণ এৰাই চলিবলৈ পৰামৰ্শ দিয়ক।এই ক্ষেত্ৰত আপুনি মনোবিজ্ঞানীৰ পৰাও সহায় ল’ব পাৰে। শিশুটোৰ লগত ঘৰত বেছিকৈ কথা পাতি থাকিব। শিশুটোৰ সমনীয়াৰ লগত খোৱাবস্তুবোৰ ভাগ-বতৰা কৰি খাবলৈ শিকাব।তদুপৰি, তেওঁলোকক ৰাজহুৱা স্থানলৈ লৈ যাওঁক।ইয়াৰ বাবে আপুনি এটা পাৰিবাৰিক ভ্ৰমণ বা বনভোজৰো পৰিকল্পনা কৰিব পাৰে। আনহাতে, অভিভাৱক দুয়োজনে শিশুটোৰ সন্মুখত কাজিয়া আৰু খং কেতিয়াও নকৰিব।এনে কৰাৰ পাছতো যদি শিশুটোৰ স্বভাৱত একো পৰিৱৰ্তন নহয়, শিশু বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Also Read: Child Diet: শিশুৰ সুস্থ বিকাশৰ বাবে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলগীয়া ৪ টা ভাৰতীয় উপাদান