ভাৰত-পাকিস্তানত সমানে এলইডি পৰ্দাত চলিল নিকাহৰ নীতি-নিয়ম

দেশৰ সীমান্তৰ সিপাৰৰ পৰা বিয়া কৰোৱাটো যেন এতিয়া ট্ৰেণ্ডত পৰিণত হৈছে ! চুবুৰীয়া দেশ পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাল নহয় যদিও পাকিস্তানী আৰু ভাৰতীয়ই ইজনে সিজনক বিয়া কৰাই যথেষ্ট শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ পুনৰ এজন ভাৰতীয়ই কৰাচীস্থিত যুৱতীক অনলাইনত নিকাহ কৰাইছে।

author-image
Asomiya Pratidin
New Update
ভাৰত-পাকিস্তানত সমানে এলইডি পৰ্দাত চলিল নিকাহৰ নীতি-নিয়ম

ডিজিটেল ডেস্ক: দেশৰ সীমান্তৰ সিপাৰৰ পৰা বিয়া কৰোৱাটো যেন এতিয়া ট্ৰেণ্ডত পৰিণত হৈছে ! চুবুৰীয়া দেশ পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাল নহয় যদিও পাকিস্তানী আৰু ভাৰতীয়ই ইজনে সিজনক বিয়া কৰাই যথেষ্ট শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ পুনৰ এজন ভাৰতীয়ই কৰাচীস্থিত যুৱতীক অনলাইনত নিকাহ কৰাইছে। তেওঁলোক দুয়োয়ে সম্পূৰ্ণ পৰম্পৰাগত ধৰণে এই নিকাহ সম্পন্ন কৰিছে।

Advertisment

হয়, ৰাজস্থানৰ যোধপুৰ নিবাসী আৰবাজে সম্পূৰ্ণ পৰম্পৰাগত সাজ-পাৰৰে বেণ্ড পাৰ্টীসহ ঘোঁৰাত উঠি তেওঁৰ পৰিয়াল তথা আত্মীয়ৰ সৈতে স্থানীয় এটা অট্টালিকাত কৰাচীৰ আমিনাৰ সৈতে অনলাইনত বিবাহ পাশত আৱদ্ধ হয়। এই বিয়াখন কৰাচী আৰু যোধপুৰ চহৰত ডাঙৰ এলইডি পৰ্দাতো দেখুওৱা হৈছিল। 

উল্লেখ্য যে, কৰাচীৰ আমিনাই ভিছা পোৱা নাছিল বাবেই এই বিয়াখন অনলাইনত সম্পন্ন হৈছিল।তদুপৰি, আৰবাজৰ পিতৃৰ মতে, দুয়ো দেশৰ বহু আত্মীয় দুয়োখন দেশতে বাস কৰে।যাৰ বাবে ভিছা পোৱাটো সহজ হ'ব লাগে।এতিয়া তেওঁলোক আমিনাৰ ভিছাৰ বাবে অপেক্ষা কৰিব বুলিও মন্তব্য কৰে।

Also Read: জীৱনটোক নতুনকৈ সজাবলৈ আকৌ প্ৰেমিকা বিচাৰিছে ৰাহুল মহাজনে