যিমানেই সোৱাদযুক্ত, স্বাস্থ্যৰ বাবে সিমানেই হানিকাৰক আপোনাৰ-মোৰ সকলোৰে প্ৰিয় চাওমিন

চাওমিন আমাৰ সকলোৰে প্ৰিয়।চাওমিন দেখিলেই সৰুৰ পৰা ডাঙৰলৈ সকলো বয়সৰ লোকৰেই জিভালৈ পানী আহে। জাপানত জন্ম হোৱা এই নুডলছৰ প্ৰতি আজি সমগ্ৰ বিশ্ববাসীয়েই দুৰ্বল।

author-image
Asomiya Pratidin
New Update
যিমানেই সোৱাদযুক্ত, স্বাস্থ্যৰ বাবে সিমানেই হানিকাৰক আপোনাৰ-মোৰ সকলোৰে প্ৰিয় চাওমিন

যিমানেই সোৱাদযুক্ত, স্বাস্থ্যৰ বাবে সিমানেই হানিকাৰক আপোনাৰ-মোৰ সকলোৰে প্ৰিয় চাওমিন

ডিজিটেল ডেস্ক: চাওমিন আমাৰ সকলোৰে প্ৰিয়।চাওমিন দেখিলেই সৰুৰ পৰা ডাঙৰলৈ সকলো বয়সৰ লোকৰেই জিভালৈ পানী আহে। জাপানত জন্ম হোৱা এই নুডলছৰ প্ৰতি আজি সমগ্ৰ বিশ্ববাসীয়েই দুৰ্বল। কিন্তু চাওমিন আমাৰ স্বাস্থ্যৰ পক্ষে একেবাৰে হানিকাৰক। ই যিমানেই সোৱাদযুক্ত, সিমানেই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। নুডলছে কি দৰে আমাৰ স্বাস্থ্যক ক্ষতি কৰি আছে, আজি সেই বিষয়ে জানো আহক-

Advertisment

নুডলছ কি ?

নুডলছ মুখ্যত ময়দা, পলিমেৰিক কাৰ্বহাইড্ৰেট, পানী, নিমখ, ছ’ডিয়াম কাৰ্বনেট আৰু পটাছিয়াম কাৰ্বনেট, পাম তেলৰ দ্বাৰা গঠিত। তদুপৰি, নুডলছত চিজনিং, নিমখ আৰু মনোছডিয়াম গ্লুটামেটো থাকে। বিশেষজ্ঞসকলৰ মতে, ১০০গ্ৰাম নুডলছত ৩৯৭ ৰ পৰা ৩৬৭৮ মি.গ্ৰা ছ’ডিয়াম থাকে।কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, দিনে মাত্ৰ ২ গ্ৰাম ছ’ডিয়াম সেৱন কৰাটো উপকাৰী। অধিক ছ’ডিয়াম খোৱাৰ ফলত পাকস্থলীৰ কৰ্কট ৰোগ, ষ্ট্ৰ’ক, হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু বৃক্কৰ সমস্যাৰ আশংকা বৃদ্ধি হয়।

এমএছজি অতি ক্ষতিকাৰক

নুডলছত ব্যৱহৃত এমএছজি স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। এই ৰাসায়নিক যৌগবিধৰ বিষয়ে যথেষ্ট গৱেষণাও হৈছে, য'ত এইটো প্ৰকাশ কৰা হৈছে যে ইয়াক অত্যাধিক গ্ৰহণ কৰিলে মুৰৰ বিষ, মূৰ ঘূৰোৱা, উচ্চ ৰক্তচাপ, ভাগৰ, দুৰ্বলতা, পেশীৰ চাপ, বুকুৰ বিষ আদিৰ দৰে সমস্যা হ'ব পাৰে। 

প্ৰ'টিন আৰু আঁহ কম থাকে 

নুডলছত খুব কম পৰিমাণে প্ৰ'টিন আৰু আঁহ পোৱা যায়। প্ৰ'টিন সেৱন কৰি আপুনি আপোনাৰ পেট দীৰ্ঘসময়লৈ ভৰাই ৰাখিব পাৰে আৰু আঁহে অন্ত্ৰ পৰিস্কাৰ কৰাত সহায় কৰে। এনে পৰিস্থিতিত যেতিয়া আপুনি নুডলছ খাই, ই আপোনাৰ পাচন তন্ত্ৰ নষ্ট কৰিব পাৰে।ই ভোকৰ আকাংক্ষাও বৃদ্ধি কৰে, যিয়ে আপোনাৰ ওজন বৃদ্ধি কৰে। 

গৰ্ভাৱস্থাৰ সময়ত নুডলছ নাখাব

গৰ্ভধাৰণৰ সময়ছোৱাত মাতৃয়ে কিবা খোৱা-বোৱাত ভুল কৰিলে ই শিশুৰ স্বাস্থ্যক প্ৰভাৱিত কৰে।সেয়েহে, স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক নুডলছ এই সময়ছোৱাত খাব নালাগে।

Also Read: চুলিত পিঁয়াজৰ বাকলি কিদৰে ব্যৱহাৰ কৰিব পাৰি জানি লওঁক