বিয়াৰ নিমন্ত্ৰণী পৰ্ব আৰম্ভ কৰিলে আম্বানী পৰিয়ালে

বিগত কিছুদিন ধৰি মুকেশ আৰু নীতা আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ হ'বলগীয়া বিয়াখন বেছ চৰ্চাত আছে।গোটেই পৰিয়ালটো এতিয়া বিয়াৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে।তেওঁলোকে শেহতীয়াকৈ বিয়াৰ নিমন্ত্ৰণী পৰ্বও আৰম্ভ কৰিছে।

author-image
Asomiya Pratidin
New Update
বিয়াৰ নিমন্ত্ৰণী পৰ্ব আৰম্ভ কৰিলে আম্বানী পৰিয়ালে

ডিজিটেল ডেস্ক: বিগত কিছুদিন ধৰি মুকেশ আৰু নীতা আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ হ'বলগীয়া বিয়াখন বেছ চৰ্চাত আছে।গোটেই পৰিয়ালটো এতিয়া বিয়াৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে।তেওঁলোকে শেহতীয়াকৈ বিয়াৰ নিমন্ত্ৰণী পৰ্বও আৰম্ভ কৰিছে।হয়, ৰিলায়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ নীতা আম্বানী বাৰাণসীত উপস্থিত হৈ কাশী বিশ্বনাথ বাবাৰ চৰণত অনন্তৰ বিয়াৰ প্ৰথমখন কাৰ্ড আগবঢ়ায়।এই মন্দিৰৰ লগতে তেওঁ শিৱ নগৰীৰ বহুতো ঠাইও ভ্ৰমণ কৰে।

Advertisment

এই সন্দৰ্ভত নীতা আম্বানীয়ে কয়- 'মই এইমাত্ৰ বাবা ভোলেনাথৰ দৰ্শন লাভ কৰিলো।মই বহুত ধন্য অনুভৱ কৰিছো।হিন্দু পৰম্পৰা অনুসৰি যিকোনো শুভ কাম কৰাৰ আগত আমি প্ৰথমে ঈশ্বৰৰ আশীৰ্বাদ বিচাৰো। মই বাবাৰ চৰণত বিয়াৰ নিমন্ত্ৰণী পত্ৰখন অৰ্পন কৰিছো।আজি মই খুব সুখী। গংগা আৰতিৰ সময়ত মই ইয়ালৈ আহিব পৰাটো আচলতে মোৰ সৌভাগ্য, বৰ ভাল লাগিছে।'

মন্দিৰ দৰ্শন কৰি নীতা আম্বানীয়ে বাৰাণসীৰ এখন সৰু হোটেলত বহি স্থানীয় 'চাট' উপভোগ কৰে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা ভিডিঅ'ত আম্বানী পত্নীয়ে কেৱল 'চাট' উপভোগ কৰাই নহয়, বিক্ৰেতাজনক ইয়াৰ ৰেচিপিও বিচৰা দেখা গৈছে।

ইয়াৰ পিছত তেওঁ ৰামনগৰৰ সাহিত্যনাকাত শিপিনী বিজয় মৌৰ্যৰ ঘৰত হস্ততাঁতৰ শাৰীখন প্ৰস্তুত কৰা চাবলৈ গৈছিল। অনন্তৰ বিয়াত তেওঁ সোণৰ তাঁৰৰে তৈয়াৰী শাৰী পিন্ধিব, যিখন তাত প্ৰস্তুত কৰা হৈছে। নীতা আম্বানীয়ে শাৰীখনত কৰা কামবোৰ নিবিড়ভাৱে লক্ষ্য কৰে আৰু শিপীনিসকলৰ সৈতেও মত বিনিময় কৰে।উল্লেখ্য যে, নীতা আম্বানীয়ে কাশী বিশ্বনাথ মন্দিৰলৈ ১.৫ কোটি আৰু অন্নপূৰ্ণা মন্দিৰলৈ ১ কোটি দান কৰিছে।

Also Read: শহুৰ হিচাপেও বহুতৰ বাবে আদৰ্শ মুকেশ আম্বানী