
ডিজিটেল ডেস্ক: আমাৰ জীৱনত বাস্তু শাস্ত্ৰৰ যথেষ্ট গুৰুত্ব আছে। কেৱল মন আৰু মানৱ শৰীৰৰ ওপৰতেই নহয়, ঘৰৰ প্ৰতিটো সামগ্ৰীৰ ওপৰতো বাস্তুয়ে যথেষ্ট প্ৰভাৱ পেলায়। বিশ্বাস অনুসৰি, বাস্তুৰ নিয়মসমূহ ভালদৰে মানি চলিলে এজন ব্যক্তিয়ে তেওঁৰ জীৱন সুখী, সৰল আৰু সমৃদ্ধ কৰিব পাৰে। কিন্তু যিসকলে বাস্তুক অনুসৰণ নকৰে, তেওঁলোকে জীৱনত বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়।সেয়েহে, ঘৰটোৰ প্ৰৱেশ পথৰ পৰা 'বাথৰুম'লৈকে সামগ্ৰী থওঁতে আপুনি বিশেষভাৱে সচেতন হোৱাটো খুবেই দৰকাৰ। আজি বাথৰুম সম্পৰ্কীয় বাস্তু নিয়মসমূহৰ বিষয়ে জানো আহক-
খালী বাল্টি
গা ধোৱা বা কাপোৰ ধোৱাৰ পিছত আমি বহুতেই 'বাথৰুম'ৰ বাল্টিটো খালী কৰি ৰাখো।কিন্তু বাস্তুত ইয়াক অশুভ বুলি গণ্য কৰা হয়।বাস্তু বিশ্বাস মতে, বাথৰুমৰ বাল্টি খালী থাকিলে ঘৰত ধনৰ অভাৱ হয়।ইয়াৰ ফলত ঘৰখনৰ ব্যক্তিসকলে আৰ্থিক সমস্যাৰ সৈতে যুঁজিবলগীয়া হয়। সেয়েহে সদায় গা ধোৱা আৰু কাপোৰ ধোৱাৰ পিছত বাল্টিটো পৰিস্কাৰ কৰিব লাগে আৰু পানীৰে ভৰ্তি কৰি থ’ব লাগে।এনে কৰাৰ ফলত আপোনাৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়।
এই ৰঙৰ বাল্টি ব্যৱহাৰ নকৰিব
আনহাতে, বাস্তু মতে 'বাথৰুম'ত কেতিয়াও ক'লা ৰঙৰ বাল্টি ৰাখিব নালাগে। ক'লা বাল্টিয়ে ঘৰখনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। বাস্তুত বিশ্বাস কৰা হয় যে, নীলা ৰঙে শনি আৰু ৰাহুৰ অশুভ প্ৰভাৱ হ্ৰাস কৰে। সেয়েহে, বাথৰুমত সদায় নীলা ৰঙৰ বাল্টি ব্যৱহাৰ কৰিব লাগে। ইয়াৰ বাহিৰেও, বাথৰুমত নীলা টাইলছ লগাব লাগে।