অধিক দাম দি বজাৰৰ পৰা আৰু কিনিব নালাগে ভেজাল ল'চন

অধিক দাম দি বজাৰৰ পৰা আৰু কিনিব নালাগে ভেজাল ল'চন

ডিজিটেল ডেস্ক: শীতকালত সাধাৰণতে আমাৰ ছালখন শুকান হৈ পৰে। এই দিনকেইটাত ছালে আদ্ৰতা হেৰুওৱাৰ বাবে ছালখন শুকান আৰু নিষ্প্ৰাণ হৈ পৰে। সকলোৰে শুষ্কতাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন ময়েশ্চাৰাইজাৰ আৰু ল’চন ব্যৱহাৰ কৰে। কিন্তু সেইবোৰত থকা কৃত্ৰিম উপাদানবোৰে ছালখনক আৰু অধিক খহটা আৰু শুকান কৰি তোলে।এনে পৰিস্থিতিত, ছালৰ শুষ্কতা আঁতৰাবলৈ প্ৰাকৃতিকভাৱে ঘৰতে তৈয়াৰ কৰা ল’চন শৰীৰত ব্যৱহাৰ কৰিব পাৰে।কি কি সামগ্ৰীৰে তথা কিদৰে ঘৰতে বডী ল’চন তৈয়াৰ কৰিব পাৰি, আজি জানো আহক-

বাদাম বডী ল’চন

বাদাম তেলত থকা ভিটামিন ই-য়ে ছালখন ময়েশ্চাৰাইজ কৰি উজ্জ্বলতা বজাই ৰখাত সহায় কৰে।এই ল’চন তৈয়াৰ কৰিবলৈ বাদাম তেলত শ্বিয়া বাটাৰ ভালদৰে মিহলি কৰি এটা চাফা পাত্ৰত ভৰাই ৰাখিব।প্ৰতিদিনে এই ল’চন ছালত প্ৰয়োগ কৰিব।এই ল’চন নিয়মীয়াকৈ ছালত প্ৰয়োগ কৰিলে ছালখনে গভীৰ পুষ্টি লাভ কৰিব।

নাৰিকল তেল বডী ল’চন

শীতকালত ছাল হাইড্ৰেটেড ৰাখিবলৈ নাৰিকল তেলৰে তৈয়াৰ কৰা ব’ডী ল’চন প্ৰয়োগ কৰাটো খুবেই উপকাৰী। এই ল’চন প্ৰস্তুত কৰিবলৈ নাৰিকল তেলত ভিটামিন ই কেপচুল আৰু নেমুৰ ৰস মিহলি কৰি ভাল বটল এটাত ভৰাই ৰাখিব।ছালৰ যত্নত এই ল’চনটো নিয়মীয়াকৈ ব্যৱহাৰ কৰিব।

আভাকাড’ বডী ল’চন

শীতকালত ছালখন আৰ্দ্ৰ কৰি ৰাখিবলৈ আভাকাড’ বডী ল’চনো অন্যতম সৰ্বশ্ৰেষ্ঠ। এই ল’চন তৈয়াৰ কৰিবলৈ কেইটামান আভাকাড’ গুৰি কৰি লৈ গাখীৰৰ সৈতে মিহলি কৰিব।এই ল’চনটো নিয়মীয়াকৈ ছালত প্ৰয়োগ কৰিব।

জ’জ’বা অইল বডী ল’চন

ছালক সঠিক পুষ্টি প্ৰদান কৰিবলৈ জ’জ’বা তেলৰে তৈয়াৰ কৰা বডী ল’চনো আপুনি ব্যৱহাৰ কৰিব পাৰে। ইয়াক তৈয়াৰ কৰিবলৈ নাৰিকল তেল আৰু বাদাম তেল জ’জ’বা তেলত মিহলি কৰিব। এই ল’চনটো প্ৰতিদিনে শৰীৰত প্ৰয়োগ কৰিব।

ক’ক’ বাটাৰ বডী ল’চন 

কক বাটাৰ বডী ল’চনে শুকান ছালৰ সমস্যা নিৰাময় কৰে। ইয়াৰ বাবে আপুনি ক’ক’ বাটাৰত নাৰিকল তেল মিহলি কৰিব। এতিয়া এই ল’চনো প্ৰতিদিনে ছালত প্ৰয়োগ কৰিব। এই ল’চন ব্যৱহাৰ কৰাৰ খুব কম দিনৰ ভিতৰতে আপুনি শুকান ছালৰ সমস্যাৰ পৰা সকাহ পাব।

অধিক দাম দি বজাৰৰ পৰা আৰু কিনিব নালাগে ভেজাল ল'চন
ঘৰতে আছে অনিয়মীয়া মাহেকীয়াৰ ঔষধ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in