/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-07/ggb0ildm/WhatsApp-Image-2024-10-07-at-1.27.12-PM.jpeg)
NALBARI
NALBARI : নলবাৰী অসমৰ এখন প্ৰশাসনিক জিলা। পূৰ্বতে নলবাৰী কামৰূপ জিলাৰ এটা মহকুমা আছিল। ১৯৬৭ চনৰ ১ এপ্ৰিলত অসম চৰকাৰে নলবাৰীক মহকুমা ৰূপে প্ৰশাসনিক দয়িত্ব প্ৰদান কৰে। ১৯৮৫ চনৰ ১৪ আগষ্টৰ পৰা নলবাৰীক জিলা হিচাপে ঘোষণা কৰা হয়। নলবাৰী নামটোৰ উদ্ভৱ সন্দৰ্ভত বহু জনশ্ৰুতি আছে।সেই অনুসৰি যথেষ্ট পৰিমাণে নল-খাগৰি থকা বাবে ইয়াৰ নাম নলবাৰী হয়।১৮৯৭ চনৰ ভূমিকম্পত লুপ্ত হোৱা ন নামৰ নদীখনৰ পৰা নলবাৰী নামটো হোৱা বুলি কোৱা হয়।ন নদীৰ পাৰত বাস কৰা কৈৱৰ্ত্য মানুহ এচামে উঠি আহি নতুনকৈ ন নদীৰ উত্তৰে বসতি স্থাপন কৰা কাৰণেও ঠাইখনৰ নাম নলবাৰী হোৱা বুলি বহুতে ক’ব খোজে।
প্ৰাচীন কালত পশ্চিম অসমক কামৰূপ বোলা হৈছিল। কামৰূপ ৰাজ্য কিছুমান পীঠত বিভক্ত আছিল। নলবাৰী আছিল কামপীঠত। ঔপনিৱেশিক কাললৈকে অঞ্চলটোক কামৰূপেই বোলা হৈছিল। ১৯৮৫ চনত নলবাৰী জিলা সৃষ্টি হোৱাৰ আগলৈকে কামপীঠৰ কাষৰীয়া অঞ্চল অবিভক্ত কামৰূপ আছিল।নলবাৰী জিলাখনৰ মাটিকালি ৯৯৯.৯০ বৰ্গ কিঃমিঃ।২০১১ চনৰ লোকপিয়ল অনুসৰি নলবাৰী জিলাৰ জনসংখ্যা ৭৬৯,৯১৯ জন; ইয়াৰে পুৰুষ ৩৯৫,৮০৪ আৰু মহিলা ৩৭৪,১১৫ । মহিলাৰ সংখ্যা প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৪৫ । জন-ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ৭৬৩ জন। দহ বছৰত জনসংখ্যা বৃদ্ধিৰ হাৰ ১১.৭৪%। জিলাখনৰ শিক্ষিতৰ হাৰ ৭৩.৮৫%।
নলবাৰী জিলাৰ বাৰ্ষিক বৃষ্টিপাত হৈছে ১৫০০ মিঃমিঃ আৰু গড় আৰ্দ্ৰতা ৮০%। সমুদ্ৰপৃষ্ঠৰ পৰা জিলাখনৰ উচ্চতা ১০০০ ফুট।নলবাৰী জিলাৰ উত্তৰে বাক্সা আৰু কামৰূপ জিলা। পূৱে দৰং, দক্ষিণে ব্ৰক্ষ্মপুত্ৰ নদী আৰু পশ্চিমে বৰপেটা জিলা। ব্ৰক্ষ্মপুত্ৰ নদীৰ উপৰিও জিলাখনৰ আনকেইখন প্ৰধান নৈ হৈছে পাগলদিয়া, নোনা, বৰলীয়া, বুঢ়াদিয়া, টিহু।
নলবাৰী জিলা মাথোঁ এটা মহকুমাৰে গঠিত। সদৰ নলবাৰী। জিলাখনৰ উন্নয়ন খণ্ডসমূহ হৈছে বড়িগোগ বনভাগ, পূব নলবাৰী, বৰভাগ, বৰক্ষেত্ৰী, পশ্চিম নলবাৰী, মধুপুৰ, টিহু, টিহু বৰমা। জিলাখনত তিনিটা বিধানসভাৰ সমষ্টি আছে আৰু তিনিওটা সমষ্টি তিনিটা সুকীয়া সুকীয়া সংসদীয় সমষ্টিৰ অন্তৰ্গত।
২০ৰ দশকৰ আগৰফালে নলবাৰীত এটি ৰে’লৱে ষ্টেচন নিৰ্মিত হ'ল। ৰে’ল চলাৰ পিছত ৰাজ্যৰ বাহিৰৰ বহু ব্যৱসায়ীয়ে থলুৱা লোকক লগ কৰাৰ সুযোগ পালে। ৰে’ল ষ্টেচন পথত বাণিজ্য আৰম্ভ হ'ল। তেতিয়ালৈ নলবাৰী মাধ্যমিক ইংৰাজী বিদ্যালয় স্থাপন হ'ল, যাক ১৯১৭ত গৰ্ডন হাইস্কুললৈ উন্নীত কৰা হ'ল। দুয়ো ঘটনাই এই নতুন ৰূপে সজাই লোৱা ঠাইলৈ মানুহক আকৰ্ষিত কৰিলে।পাছলৈ নলবাৰী ব্ৰক্ষ্মপুত্ৰৰ উত্তৰপাৰে থকা এক শক্তিশালী বাণিজ্য কেন্দ্ৰ হ'লগৈ। ঠাইখনলৈ প্ৰব্ৰজন তীব্ৰতৰ হ'ল। জনসংখ্যা বাঢ়িল, কেইবাটাও প্ৰশাসনিক ভৱন স্থাপিত হ'ল আৰু ১৯৩১লৈ ই এক চহৰৰ ৰূপ ল'লে। ১৯৪১ত নলবাৰীক নগৰ সমিতি আৰু ৩৫৭৮ৰ জনসংখ্যাৰ সৈতে কামৰূপ জিলাৰ এক নগৰ হিচাপে স্থান দিয়া হ'ল। ১৯৪৫ত নলবাৰী মহাবিদ্যালয় এক অস্থায়ী গৃহত স্থাপিত হ'ল আৰু ১৯৫০ত ইয়াক বৰ্তমানৰ ঠাইলৈ লৈ যোৱা হ'ল যাৰ বাবে বিদ্যাপুৰ-শান্তিপুৰ অঞ্চলৰ জনসংখ্যা ব্যাপকভাৱে বৃদ্ধি পালে। পাল্লা পথত জন কল্যাণ বিভাগৰ কাৰ্যালয় স্থাপন হ'ল।যিয়ে গোপালবজাৰ এলেকাটোৰ বিকাশত সহায় কৰিলে। ১৯৬৮ত নলবাৰীক এক মহকুমালৈ উন্নিত কৰা হ'ল আৰু ১৯৮৪ত নলবাৰীক সদৰ ঠাইৰ মৰ্যাদা দিয়া হ'ল।
উৎস : ইণ্টাৰনেট
Also Read: BARPETA : বৰপেটা