
ডিজিটেল ডেস্ক: আমাৰ শৰীৰৰ সৌন্দৰ্য ম্লান কৰাত দাগে বিশেষ ভূমিকা গ্ৰহণ কৰে। বিশেষকৈ ‘ষ্ট্ৰেচ মাৰ্ক’। ‘ষ্ট্ৰেচ মাৰ্ক’ থাকিলে আমাৰ শৰীৰটো অশোভনীয় হৈ পৰে।যিকোনো কাপোৰ পিন্ধাৰ পাছত এই দাগ আনে দেখা পালে মহিলাসকলৰ আত্মবিশ্বাসো হেৰাই যায়।‘ষ্ট্ৰেচ মাৰ্ক’ হাত, উৰু আৰু পেটত বেছিকৈ দেখা যায়।‘ষ্ট্ৰেচ মাৰ্ক’ৰ পৰা পৰিত্ৰাণ পাবলৈ মহিলাসকলে বজাৰত উপলব্ধ বহু নামী-দামী সামগ্ৰী ব্যৱহাৰ কৰে যদিও সুফল লাভ নকৰে। কিন্তু কিছুমান ঘৰুৱা প্ৰতিকাৰৰ জৰিয়তে মহিলাসকলে এই সমস্যাৰ সমাধান লাভ কৰিব পাৰে। আজি সেই বিষয়ে জানো আহক-
হালধি
হালধিত পোৱা এণ্টিঅক্সিডেণ্টে ‘ষ্ট্ৰেচ মাৰ্ক’ উপশম কৰাত সহায় কৰে। দুই চামুচ নাৰিকল তেলত ১ চামুচ হালধি গুৰি ভালদৰে মিহলি কৰি ইয়াক ‘ষ্ট্ৰেচ মাৰ্ক’ থকা ঠাইত প্ৰয়োগ কৰিব। তাৰ পাছত সেই ঠাইখিনি হাতেৰে লাহে লাহে মালিচ কৰিব।সপ্তাহত দুই-তিনিবাৰ এনেদৰে কৰিলে আপুনি এই সমস্যাৰ পৰা সকাহ পাব।
আলুৰ ৰস
‘ষ্ট্ৰেচ মাৰ্ক’ৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি আলুৰ ৰসো ব্যৱহাৰ কৰিব পাৰে। আলুৰ ৰসত অলপ হালধি মিহলি কৰি সেই ঠাইত লগাব। ভালদৰে শুকুৱাৰ পিছত পানীৰে ধুই পেলাব।এনে কৰিলে আপুনি এই সমস্যাৰ সমাধান পাব।
তিয়ঁহ আৰু নেমুৰ ৰস
তিয়ঁহৰ ৰসে ছাল উন্নত কৰাত সহায় কৰে।আনহাতে, নেমুৰ ৰসত আৰোগ্যকাৰী গুণাগুণ থাকে, যিয়ে আপোনাক ‘ষ্ট্ৰেচ মাৰ্ক’ৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। ২ চাহ চামুচ তিয়ঁহৰ ৰস আৰু ২ চাহ চামুচ নেমুৰ ৰস মিহলি কৰি ‘ষ্ট্ৰেচ মাৰ্ক’ এলেকাত প্ৰয়োগ কৰিব।৫-১০ মিনিটৰ পিছত ইয়াক গৰম পানীৰে ধুই পেলাব। নিয়মীয়া ব্যৱহাৰ কৰিলে আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব।
চেনী স্ক্ৰাব
চেনী স্ক্ৰাব ব্যৱহাৰ কৰি আপুনি ‘ষ্ট্ৰেচ মাৰ্ক’ৰ সমস্যাৰ পৰা সকাহ পাব পাৰে। এটা কাপত অলপ চেনী লৈ ইয়াত ১/৪ কাপ বাদাম তেল, নাৰিকল তেল আৰু নেমুৰ ৰস দিব। সকলো উপাদান মিহলি কৰি গা ধোৱাৰ আগতে ১০-১২ মিনিটৰ বাবে ‘ষ্ট্ৰেচ মাৰ্ক’ এলেকাত লাহে লাহে সানি দিব। এই উপায়ৰেও আপুনি ‘ষ্ট্ৰেচ মাৰ্ক’ৰ সমস্যাৰ পৰা সকাহ পাব।
এল’ভেৰা
এল’ভেৰাত পোৱা আৰোগ্যকাৰী গুণাগুণে ছাল কোমল কৰি ৰখাত সহায় কৰে।আপুনি ২০-৩০ মিনিটৰ বাবে ‘ষ্ট্ৰেচ মাৰ্ক’ত সতেজ এল’ভেৰা জেল প্ৰয়োগ কৰিব। নিৰ্ধাৰিত সময়ৰ পিছত সেই ঠাইখিনি গৰম পানীৰে ধুব। দেখিব, আপোনাৰ দাগবোৰ অতি সোনকালে নাইকিয়া হ’ব।
নাৰিকল তেল
বহু গৱেষণাত ইতিমধ্যে প্ৰমাণিত হৈছে যে নাৰিকল তেলে ছালৰ ঘাঁ নিৰাময় কৰাত যথেষ্ট সহায় কৰে।নাৰিকল তেল আপুনি ‘ষ্ট্ৰেচ মাৰ্ক’ আঁতৰাবলৈও ব্যৱহাৰ কৰিব পাৰে। ইয়াক দৈনিক ব্যৱহাৰ কৰিলে দাগবোৰ সোনকালে নাইকিয়া হ’ব।
চাহ গছৰ তেল (টি ট্ৰী অইল)
আপুনি চাহ গছৰ তেল ব্যৱহাৰ কৰিও ‘ষ্ট্ৰেচ মাৰ্ক’ৰ সমস্যাৰ পৰা সকাহ পাব পাৰে। চাহ গছৰ তেলত জলফাই তেল মিহলি কৰি ‘ষ্ট্ৰেচ মাৰ্ক’ত প্ৰয়োগ কৰিব।ইয়াৰ নিয়মীয়া ব্যৱহাৰে আপোনাক এই সমস্যাৰ পৰা সকাহ দিয়াত যথেষ্ট সহায় কৰিব।