বহু গুৰুতৰ ৰোগৰ ঔষধ সংগীত থেৰাপী

গান শুনি বেয়া পোৱা লোক ছাগৈ এই পৃথিৱীত এজনো নোলাব। বহু লোকে গানৰ সৈতে এক গভীৰ সম্পৰ্ক স্থাপন কৰি লয়।যিয়ে তেওঁলোকক জীৱনৰ অসহায় অৱস্থা তথা দুখ দূৰ কৰাত বহুখিনি সহায় কৰে। হয়, শেহতীয়া এক গৱেষণাত এই কথা স্পষ্ট হৈছে।এই গৱেষণাত প্ৰমাণ হৈছে যে, সংগীত চিকিৎসাই সংগীতৰ প্ৰতি মানুহৰ সহজাত আসক্তিক অভিব্যক্তিৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে। সংগীত থেৰাপীয়ে তেওঁলোকক আৱেগৰ সৈতে যোগসূত্ৰ স্থাপন তথা মোকাবিলা কৰাত সহায় কৰে।

author-image
Asomiya Pratidin
New Update
বহু গুৰুতৰ ৰোগৰ ঔষধ সংগীত থেৰাপী

ডিজিটেল ডেস্ক: গান শুনি বেয়া পোৱা লোক ছাগৈ এই পৃথিৱীত এজনো নোলাব। বহু লোকে গানৰ সৈতে এক গভীৰ সম্পৰ্ক স্থাপন কৰি লয়।যিয়ে তেওঁলোকক জীৱনৰ অসহায় অৱস্থা তথা দুখ দূৰ কৰাত বহুখিনি সহায় কৰে। হয়, শেহতীয়া এক গৱেষণাত এই কথা স্পষ্ট হৈছে।এই গৱেষণাত প্ৰমাণ হৈছে যে, সংগীত চিকিৎসাই সংগীতৰ প্ৰতি মানুহৰ সহজাত আসক্তিক অভিব্যক্তিৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে। সংগীত থেৰাপীয়ে তেওঁলোকক আৱেগৰ সৈতে যোগসূত্ৰ স্থাপন তথা মোকাবিলা কৰাত সহায় কৰে। এজন ব্যক্তিৰ প্ৰিয়জনক হেৰুওৱাৰ বেদনাৰ পৰা মুক্তি তথা সেই পৰিস্থিতিৰ সৈতে সন্মুখীন হোৱাত সহায় কৰাতো সংগীতৰ ভূমিকা অপৰিসীম।

Advertisment

ৰোগীৰ বাবে ঔষধ সংগীত 

এই গৱেষণাত জীৱনৰ বাবে বিপদজনক কৰ্কট ৰোগ থকা লোকসকলক যত্ন কেন্দ্ৰত সংগীত চিকিৎসা প্ৰদান কৰা হৈছিল। গৱেষণাটোত প্ৰমাণ হয় যে সংগীত চিকিৎসা কেৱল ৰোগীৰ বাবেই নহয়, তেওঁলোকৰ প্ৰিয়জনৰ বাবেও উপকাৰী হ'ব পাৰে। সংগীতে ইতিবাচক স্মৃতি জাগ্ৰত কৰিব পাৰে। সংগীত চিকিৎসাই প্ৰিয়জনক বিদায় জনোৱাৰ বাবে আৰামদায়ক পৰিৱেশ প্ৰদান কৰাত সহায় কৰাৰ লগতে তেওঁলোকৰ মৃত্যুৰ পিছত মনত ৰাখিবলৈ এক অনন্য, স্থায়ী স্মৃতি সৃষ্টি কৰাত সহায় কৰিব পাৰে। 

সংগীত চিকিৎসাই দীৰ্ঘম্যাদী তথা গভীৰ শোকৰ পৰাও আমাক সুৰক্ষা দিব পাৰে। আনহাতে, ই হতাশা, উদ্বেগ, পাৰিবাৰিক সংঘাত, দুৰ্বল অনুভৱ কৰা, লোকচান স্বীকাৰ কৰাত অসুবিধাৰ সমস্যাতো খুব সকাহ দিব পাৰে।এই গৱেষণাত লগতে প্ৰমাণ হয় যে, সংগীতে সকলোৰে মনলৈ সংযোগ, সজাগতা আৰু সমৰ্থনৰ অনুভূতি কঢ়িয়াই আনে।

Also Read: নাৰ্জী ফুলৰ ঔষধি গুণৰ বিষয়ে জানেনে ?