সঁচাকৈয়ে তুলনা বিহীন মহেন্দ্ৰ সিং ধোনী ! পুনৰ জিনিলে অনুৰাগীৰ মন

সঁচাকৈয়ে তুলনা বিহীন মহেন্দ্ৰ সিং ধোনী ! পুনৰ জিনিলে অনুৰাগীৰ মন

ডিজিটেল ডেস্ক: মহেন্দ্ৰ সিং ধোনী।সৰলতাই যাৰ পৰিচয় ! দুৰ্দান্ত প্ৰতিভাৰে খেলৰ জগতখনত এক সুকীয়া স্থান দখল কৰা মহেন্দ্ৰ সিং ধোনীৰ ব্যতিত্বও সুকীয়া।হয়,  শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত ধোনীৰ এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে।য’ত পুনৰবাৰ খুব স্পষ্টকৈ প্ৰকাশ পাইছে তেওঁৰ সৰল ব্যক্তিত্ব।

প্ৰকৃততে, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনী আৰু এজন অনুৰাগীৰ এটা ভিডিঅ' শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত দেখা পোৱা গৈছে যে, ধোনীয়ে অনুৰাগীৰ এখন বাইকত অট’গ্ৰাফ দিয়া আগতে নিজৰ চোলাটোৰে অনুৰাগীজনৰ বাইকখন চাফা কৰি লৈছে। ভিডিঅ'টো সুমিত কুমাৰ বাজাজ নামৰ এজন যুৱকে ছ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰিছে।

খুব কম সময়তে ভাইৰেল হোৱা এই ভিডিঅ’টো দেখি স্বাভাৱিকভাৱেই সকলোৰে ধোনীৰ সৰল ব্যক্তিত্বৰ শলাগ লৈছে।এজনে লেখিছে, ‘এজন মানুহে যেতিয়া সঁচাকৈয়ে বাইক ভাল পাই তেতিয়া নিজৰ নে বেলেগৰ সেয়া ভাবি নাচায়। ধোনীয়ে নিজৰ চোলাৰে বাইক চাফা কৰোতে যিদৰে তেওঁৰ সৰলতা প্ৰকাশ পাইছে, একেদৰে তেওঁ যে এজন প্ৰকৃত বাইকপ্ৰেমী সেয়াও প্ৰতিফলিত হৈছে।’ আন এজনে লেখিছে, ‘ধোনী সঁচাকৈয়ে তুলনাবিহীন। যিসময়ত তাৰকাসকলে অনুৰাগীক দেখিলে পলাই ফুৰে বা অনুৰাগীৰ সৈতে বেয়া আচৰণ কৰে, এইজন তাৰকাই আকৌ নিজৰ চোলাৰে অনুৰাগীৰ বাইক চাফা কৰিছে।’ আনহাতে, অধিকাংশ ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়েই ধোনীৰ সহজ-সৰল মনটোক  প্ৰশংসা কৰিছে।

সঁচাকৈয়ে তুলনা বিহীন মহেন্দ্ৰ সিং ধোনী ! পুনৰ জিনিলে অনুৰাগীৰ মন
কালৰো কাল বিপৰীত কাল ! ছ’চিয়েল মেডিয়াত ভাইৰেল মাছে মেকুৰীক আক্ৰমণৰ ভিডিঅ’

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in