চুলিত সৰিয়হ তেল লগাওঁক, পিছে কেনেকৈ লগাব লাগে জানেনে ?

তীজৰে পৰা সৰিয়হ তেলৰ চুলিৰ বাবে অত্যন্ত উপকাৰী বুলি গণ্য কৰি অহা হৈছে। সেয়ে হয়তো ককা-আইতাহঁতে ছালৰ লগতে চুলিতো সৰিয়হ তেল ব্যৱহাৰ কৰিছিল। আপুনি জানি হয়তো আচৰিত হ’ব যে..

author-image
সংগীতা দাস
New Update
httgfjyfghjyhfgjk

ডিজিটেল ডেস্ক: অতীজৰে পৰা সৰিয়হ তেলৰ চুলিৰ বাবে অত্যন্ত উপকাৰী বুলি গণ্য কৰি অহা হৈছে। সেয়ে হয়তো ককা-আইতাহঁতে ছালৰ লগতে চুলিতো সৰিয়হ তেল ব্যৱহাৰ কৰিছিল। আপুনি জানি হয়তো আচৰিত হ’ব যে, সৰিয়হ তেলৰ সৈতে কিছুমান উপাদান মিহলাই চুলিৰ গুৰিত সানিলে এক সপ্তাহতে চুলি সৰাৰ সমস্যাৰ সমাধান হয়। সৰিয়হ তেলৰ সৈতে কি মিহলাই সানিলে চুলি সৰাৰ সমস্যা দূৰ হয়, জানো আহক-

সৰিয়হ তেল আৰু মেথি গুটি

মেথিৰ গুটিত প্ৰচুৰ পৰিমাণে প্ৰ’টিন আৰু আইৰণ থাকে। সৰিয়হ তেলত অলপ মেঠি গুটি উতলাই সেই তেলখিনি চুলিত প্ৰয়োগ কৰিলে ই মূৰৰ ছালক পুষ্টি প্ৰদান কৰে আৰু চুলি সৰা নিয়ন্ত্ৰণত সহায় কৰে।

সৰিয়হ তেল আৰু নৰসিংহ পাত

নৰসিংহ পাতত ভিটামিন বি আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে চুলিৰ গুৰি মজবুত কৰে। এই সংমিশ্ৰণক প্ৰাকৃতিক চুলিৰ বৃদ্ধিৰ বাবে সৰ্বোত্তম বুলি গণ্য কৰা হয়।

সৰিয়হৰ তেল আৰু পিঁয়াজৰ ৰস

পিঁয়াজৰ ৰসত প্ৰচুৰ পৰিমাণে চালফাৰ থাকে, যিয়ে কলাজেন উৎপাদন বৃদ্ধি কৰি নতুন চুলিৰ বৃদ্ধিত সহায় কৰে। সৰিয়হৰ তেলৰ সৈতে পিঁয়াজৰ ৰস মিহলাই ল’লে চুলিৰ পুনৰ বৃদ্ধিৰ প্ৰতিকাৰ হিচাপে কাম কৰে।

সৰিয়হ তেল আৰু নিম পাত

নিম পাতৰ এন্টিবেক্টেৰিয়েল গুণ থকাৰ বাবে উফি আৰু মূৰৰ ছালৰ সংক্ৰমণ নাইকিয়া কৰে। সৰিয়হৰ তেলত নিম পাত উতলাই মূৰৰ ছালত লগালে উফি চিকিৎসা আৰু সুস্থ মূৰৰ ছালৰ উপকাৰ পোৱা যায়।

সৰিয়হ তেল আৰু এল’ভেৰা জেল

এল’ভেৰা জেলে চুলিক ‘ডিপ কণ্ডিচনিং’ প্ৰদান কৰে, যিয়ে চুলিৰ ৰুক্ষতা দূৰ কৰে। এল’ভেৰাৰ সৈতে মিহলি সৰিয়হৰ তেল প্ৰয়োগ কৰিলে ই চুলিৰ মইশ্ব’ৰাইজাৰ হিচাপে কাম কৰে, যাৰ ফলত চুলি কোমল আৰু চিকচিকিয়া হৈ পৰে।

কিদৰে প্ৰয়োগ কৰিব ?

১) প্ৰথমে সৰিয়হৰ তেলখিনি অলপ গৰম কৰি ল’ব।

২) ওপৰত উল্লেখ কৰা যিকোনো উপাদান ইয়াৰ লগত মিহলাই মূৰৰ ছালত মালিচ কৰিব।

৩) অন্ততঃ ১ ঘণ্টা বা গোটেই ৰাতিটো ৰাখিব।

৪) পিছদিনা চেম্পুৰে মূৰটো ধুই পেলাব।